Eviction in Nalbari: নলবাৰীত পৌৰসভাৰ উচ্ছেদ অভিযান - Encroachment in Nalbar

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 10, 2023, 9:47 PM IST

নলবাৰী, ১০ মে': নলবাৰী চহৰত তীব্ৰ যান জঁটৰ সৃষ্টিৰ অন্যতম কাৰণ চহৰখনত পদপথৰ ওপৰত থকা দোকান পোহাৰ (Eviction drive in Nalbari)। নলবাৰী পৌৰসভাই পূৰ্বে কেইবাবাৰো উচ্ছেদ চলাই সতৰ্ক কৰিছিল ব্যৱসায়িক প্ৰতিষ্ঠান সমূহক । তাৰ পিচতো ব্যৱসায়ীসকলে চহৰখনৰ প্ৰতিটো মূল পথৰ পদপথতেই ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ সম্প্ৰসাৰণ কৰে । যাৰ পৰিপ্ৰেক্ষিতত চহৰখনৰ প্ৰতিটো পথ, ৰাজপথত ঘন্টা ঘন্টা ধৰি যান জঁটৰ সৃষ্টি হৈ আহিছিল । সেয়েহে বুধবাৰে পৌৰসভাই চলালে বুলড'জাৰ ।  

নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰৰ উপস্থিতিত চহৰখনৰ বিভিন্ন ঠাইত চলালে এই উচ্ছেদ অভিযান (Encroachment in Nalbari)। চহৰখনৰ বিভিন্ন পদপথত এই সকল ব্যৱসায়ীয়ে অস্থায়ীভাৱে দোকান দি জীৱন নিৰ্বাহ কৰি আছিল । চহৰখনৰ যান জঁট নিয়ন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখি ব্য়ৱসায়ী সকলক নিৰ্দেশ দিছিল পৌৰসভাই (Eviction of Nalbari Municipality)। সেই নিৰ্দেশক আওকাণ কৰি একাংশ ব্যৱসায়ীয়ে পুনৰ পদপথ বন্ধ কৰি ব্যৱসায় চলাই গৈছিল । আজি আৰক্ষী অৰ্ধসামৰিক বাহিনীক লগত লৈ নলবাৰী পৌৰসভাই চহৰখনৰ বাটা চ’ক, পি এন চি পথ, নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ সম্মুখত চলালে উচ্ছেদ ।

লগতে পঢ়ক: Unknown diseases at Merapani: মেৰাপানীত লাম্পী ভাইৰাছ সদৃশ মহামাৰীৰ প্ৰাদুৰ্ভাৱ; চিন্তিত পশু পালক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.