Eviction drive : মৰিগাঁৱৰ মিকিৰভেটাৰ দৈনিক বজাৰত প্ৰশাসনৰ উচ্ছেদ - Morigaon administration eviction

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 6:05 PM IST

মৰিগাঁও, ৩১ অক্টোবৰ : মৰিগাঁৱৰ মিকিৰভেটাৰ দৈনিক বজাৰত পুৱাই চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান । অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে মৰিগাঁও জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় । প্ৰশাসনৰ মতে পথৰ দুয়োকাষে চৰকাৰী ভূমিত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ গঢ়ি উঠিছিল । ইফালে উচ্ছেদিত ব্যৱসায়ীসকলে প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে । ব্যৱসায়ীসকলৰ মতে প্ৰশাসনে আগতীয়া জাননী অবিহনে মঙলবাৰে হঠাতে এই অভিযান চলাইছে ।

আনহাতে প্ৰশাসনে অভিযোগ কৰা মতে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ একাংশ অসাধু ব্যৱসায়ীয়ে অবৈধভাৱে চৰকাৰী ভূমিত ব্যৱসায় চলাই আহিছে । ফলস্বৰূপে মঙলবাৰে মৰিগাঁও জিলা প্ৰশাসনে মিকিৰভেটা দৈনিক বজাৰত এই উচ্ছেদ অভিযান চলায় । উচ্ছেদৰ পূৰ্বে আগতীয়াকৈ জাননী দিয়া হৈছিল বুলিও প্ৰশাসনে দাবী কৰিছে । আনহাতে সকলোৱে সামগ্ৰীসমূহ স্থানান্তৰ কৰিছে বুলিও দাবী কৰিছে ।

লগতে পঢ়ক :Laying of laikhuta at Moran : মৰাণত টাইপাৰ উদ্যোগত কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ লাইখুঁটা স্থাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.