চৰকাৰে আৱণ্টন দিয়া ভূমিত প্ৰশাসনৰ উচ্ছেদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 31, 2022, 5:32 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

আমগুৰিত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান (Amguri eviction)। ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত আমগুৰি পৌৰসভাৰ ৭ নং ৱাৰ্ডত চলিল এই উচ্ছেদ অভিযান । ২০০৯ চনত আমগুৰিৰ আইপুনা বেগম নামৰ এগৰাকী মহিলাক আৱণ্টন দিয়া হৈছিল ভূমি । কিন্তু উক্ত ভূমিত প্ৰশাসনে উচ্ছেদ চলোৱাত এতিয়া ক্ষোভিত হৈ পৰিছে পৰিয়ালটো । পৰিয়ালে অভিযোগ কৰা মতে ২০০৯ চনতে আৱণ্টিত মাটিখিনিৰ চৰকাৰী নথি-পত্ৰ ২০১৮ চনতহে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে বৃদ্ধাগৰাকীক প্ৰদান কৰিছিল । ভুক্তভোগী আইপুনা বেগমৰ পৰিয়ালে এসপ্তাহ পূৰ্বে আৱণ্টিত ভূমিত অস্থায়ী কৈ এটা টিনৰ ঘৰ নিৰ্মাণ কৰিছিল । কিন্তু বুধবাৰে আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে সেই ঘৰটো ভাঙি দিয়ে (Eviction on land allotted by government)। উচ্ছেদৰ পাছতে ভুক্তভোগী পৰিয়ালটোৱে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ক্ষোভ প্ৰকাশ কৰে । ভূমিহীন পৰিয়ালটো চৰকাৰে প্ৰৱঞ্চনা কৰাৰ অভিযোগ কৰে পৰিয়ালটোৱে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.