Emergency service: খোৱাং পশু চিকিৎসালয়ত ভ্ৰাম্যমান জৰুৰীকালীন সেৱা বাহনৰ উদ্বোধন - বিধায়ক চক্ৰধৰ গগৈ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 5, 2023, 11:00 PM IST

মৰাণ, 5 জুলাই: ১০৮ মৃত্যুঞ্জয় সেৱাৰ জড়িয়তে ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ স্বাস্থ্য বিভাগ । মানৱ সেৱাৰ বাবে ৰূপায়ণ কৰা ১০৮ মৃত্যুঞ্জয় সেৱা সফল ৰূপায়ণ কৰা পাচতেই ৰাজ্য চৰকাৰে এইবাৰ পশুধনৰ বাবে আৰম্ভ কৰিছে পশুধন সাৰথি নামেৰে নতুন আঁচনি। পশুধনৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে পশুধন সাৰথি ভ্ৰাম্যমান জৰুৰীকালীন সেৱা।

বুধবাৰে খোৱাং ৰাজ্যিক পশু চিকিৎস্যালয়ত ডিব্ৰুগড় জিলাৰ প্ৰথমখন অসম চৰকাৰৰ পশু পালন বিভাগৰ জৰিয়তে লাভ কৰা ভ্ৰাম্যমান পশুধন সাৰথি বাহনৰ উদ্বোধন কৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷ এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত, ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ পশু চিকিৎসা বিষয়া, নাহৰণি জিলা পৰিষদৰ সদস্যা মামু হাজৰিকাৰ লগতে খোৱাং ব্লকৰ বহু ৰাইজ উপস্থিত থাকে।

এই ভ্ৰাম্যমাণ পশুধন সাৰথি বাহনৰ জৰিয়তে বৃহত্তৰ খোৱাং অঞ্চলৰ কৃষকসকলৰ যথেষ্ট উপকাৰ সাধন হ'ব বুলিও মন্তব্য প্ৰসংগত উল্লেখ কৰে বিধায়ক চক্ৰধৰ গগৈয়ে।ডিব্ৰুগড় জিলা উন্নয়ন খণ্ড সমূহৰ ভিতৰত মৰাণ সমষ্টিৰ খোৱাং উন্নয়ণ খণ্ডত প্ৰথমখন এই ভ্ৰাম্যমাণ পশুধন সাৰথি বাহন উদ্বোধন কৰা বাবে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী অতুল বৰাক ধন্যবাদ জ্ঞাপন কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: Assam cabinet: উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা অধিক নম্বৰ পোৱা ছাত্ৰয়ো লাভ কৰিব স্কুটী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.