EM Arup Kumar Dey Reaction: ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীক কটাক্ষ বিজেপি নেতা অৰূপ কুমাৰ দে’ৰ

By

Published : Jul 17, 2023, 12:15 PM IST

thumbnail

কোকৰাঝাৰ, 17 জুলাই : ইউপিপিএল দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে বিজেপিৰ নেতা তথা কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ বিৰুদ্ধে বিজেপিৰ ৰাষ্ট্ৰীয় হাইকমাণ্ডক অভিযোগ পত্ৰ প্ৰেৰণ কৰাৰ পাছতে এইবাৰ ইউপিপিএল নেতাজনৰ এই কাৰ্যকলৈ ক্ষুণ্ণ হৈ পৰিছে বিটিআৰৰ বিজেপিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ ৷ 

কোকৰাঝাৰত সাংবাদিকৰ আগত বিজেপিৰ কাৰ্যবাহী সদস্য অৰূই কুমাৰ দে’ই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, ৰাজু নাৰ্জাৰী কোন হয় বিজেপিৰ হাইকমাণ্ডক চিঠি লিখাৰ বাবে ৷ মই বিজেপি কৰ্মী আৰু তেখেত হ’ল ইউ পি পিএল দলৰ কৰ্মী ৷ মোৰ দলত কি হয় কি নহয় মোৰ দল আছে, মোৰ দলে কৰিব ৷ ৰাজু নাৰ্জাৰী কোন, বিটিচিৰ চীফ নেকি বুলি প্ৰশ্ন উত্থাপন কৰি অৰূপ দে’ই কয় যে, বিষয়টোক লৈ মই স্পষ্টীকৰণ দিছো যে বিটিচিৰ চৰকাৰ ভংগ কৰাৰ কোনো মন্তব্য মই দিয়া নাছিলো আৰু মিত্ৰজোঁটৰ চৰকাৰ চলি আছে আৰু চলি থাকিব ৷ এইদৰে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে বিজেপি নেতাজনে ৷

অৰূপ কুমাৰ দে’ই পুনৰ ইউপিপিএল দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীক সমালোচনা কৰি কয় যে, ৰাজু নাৰ্জাৰীয়ে তেখেতৰ দলৰ বাবে চিন্তা কৰক, দলক শক্তিশালী কৰাৰ হকে মাত মাতক আৰু নিজ দলৰহৈ ব্যস্ত থাকক ৷ বিজেপি দলৰহৈ ব্যস্ত থাকিব নালাগে ৷ কিয়নো বিজেপি দলৰ কোনে কি কৰিছে সেয়া আমাৰ দলৰ বিষয় ৷ ইয়াত ইউপিপিএল দলৰ ৰাজু নাৰ্জাৰীয়ে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে নেতাজনে ৷

লগতে পঢ়ক: MLA Phani Bhusan Choudhury: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ প্ৰতিক্ৰিয়া বিধায়ক ফণীভূষণ চৌধুৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.