thumbnail

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 12:06 PM IST

ETV Bharat / Videos

খাদ্যৰ সন্ধানত জনাঞ্চলত বিচৰণ বন্যহস্তীৰ জাকৰ

চিৰাং, 14 জানুৱাৰী: চিৰাঙৰ বেংতলত বন্যহস্তীৰ বিচৰণ ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিল বন্যহস্তীৰ জাক । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত 8 টাকৈ বন্যহস্তীৰ এটা জাক ওলাই আহি শনিবাৰে প্ৰৱেশ কৰে বেংতল বিক্ৰমপুৰ গাঁৱত । শনিবাৰৰ পুৱাৰে পৰা বন্যহস্তীৰ জাকটোক বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ ঘৰৰ সমীপত খাদ্যৰ সন্ধানত বিচৰণ কৰি থকা পৰিলক্ষিত হয় । বৰ্তমানেও বনৰীয়া হাতীকেইটা জনাঞ্চলতে বিচৰণ কৰি আছে বুলি স্থানীয় লোকে জনায় ৷

বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকটোৱে বেংতলৰ বিক্ৰমপুৰৰ স্থানীয় লোকৰ ঘৰে ঘৰে সোমাই কলগছৰ লগতে বিভিন্ন গছ-গছনি ভক্ষণ কৰা বুলি স্থানীয় লোকে জনায় । মানাহৰ আমটেকা বনাঞ্চল হৈ আই নৈৰ পাৰে পাৰে আহি বন্যহস্তীৰ জাকটোৱে প্ৰৱেশ কৰিছে বুলি সন্দেহ কৰা হৈছে । উল্লেখযোগ্য যে, বন বিভাগৰ লোক উপস্থিত হৈছে যদিও এতিয়ালৈকে বন্যহস্তীৰ জাকটোক খেদিবলৈ সক্ষম হোৱা নাই । 

বন বিভাগৰ লোকে টহল দি আছে যদিও গঞাৰ মাজত উত্তেজনা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । 

লগতে পঢ়ক: গুণোৎসৱৰ বাবে ক্ষতিগ্ৰস্ত হৈছে বিদ্যালয়ৰ পাঠদান; চিৰাঙত প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.