thumbnail

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 4:42 PM IST

ETV Bharat / Videos

নলবাৰীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ

নলবাৰী, ৯ জানুৱাৰী: নলবাৰীত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । ভূটানৰ পৰা নামি অহা বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাইছে নলবাৰীৰ উত্তৰ অঞ্চলৰ জনাঞ্চলত । বিগত আঠ মাহে নলবাৰীৰ জনাঞ্চলত উপদ্ৰৱ চলোৱা বন্যহস্তীৰ জাকটোক খেদি পঠিওৱাত ব্যৰ্থ বন বিভাগ । বন্যহস্তীৰ জাকটোৱে জিলাখনৰ উত্তৰ অঞ্চলত বিশেষকৈ চেংনৈ, নমাটি, বৰঘোপা, কটৰা আদি অঞ্চলৰ লোকৰ টোপনি কাঢ়িছে ৷

আজি পুৱতি নিশা ক্ষুদ্ৰ কটৰাৰ বহু পৰিয়ালৰ অনিষ্ট সাধন কৰিছে বন্যহস্তীৰ জাকটোৱে । বন্যহস্তীৰ জাকটোৱে ভাঙিছে বাসগৃহ,খাইছে ভড়ালৰ ধান ৷ বনৰীয়া হাতীৰ ত্ৰাসত আতংকিত এতিয়া গঞা ৷ পিছে বন্যহস্তীৰ জাকটো খেদিবলৈ সক্ষম হোৱা নাই বন বিভাগ । শেহতীয়াভাৱে শ্ৰীপুৰত পশুধন মৃত্যুমুখত পৰিছে । উল্লেখযোগ্য যে বন্যহস্তীৰ জাকটোৱে ঘগ্ৰাপাৰতো চলাইছিল উপদ্ৰৱ । যাৰ বাবে জিলা প্ৰশাসনে কিছু সজাগতামূলক সতৰ্কবাণী ঘোষণা কৰিছিল । আজি পুনৰ হাতীৰ উপদ্ৰৱক লৈ শংকিত হৈ পৰে অঞ্চলটোৰ ৰাইজ ।

লগতে পঢ়ক:ৰে’ল বিভাগৰ উচ্ছেদক লৈ মৰিয়নীত উত্তপ্ত পৰিস্থিতি; ৰে’লৰ আগত পৰি প্ৰাণ দিয়াৰ হুংকাৰ ভুক্তভোগীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.