ঘগ্ৰাপাৰত বনৰীয়া হাতীৰ মুক্ত বিচৰণত আতংকিত ৰাইজ - elephant terror in baksha

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 3:40 PM IST

নলবাৰী, ৬ জানুৱাৰী: নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বনৰীয়া হাতীৰ মুক্ত বিচৰণত আতংকিত হৈছে ৰাইজ । হাতীৰ এটা বৃহৎ জাকে ঘাইপথৰে জনাঞ্চলত প্ৰৱেশৰ বাবে চেষ্টা চলোৱাত আতংক বৃদ্ধি পাইছে । দীৰ্ঘদিন ধৰি নলবাৰী আৰু বাক্সা জিলাৰ ভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই অহাৰ পিচত আজি পুৱাই নলবাৰীৰ ঘগ্ৰাপাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰলৈ আহিল এটি হাতীৰ জাক ৷  

উল্লেখ্য় যে নলবাৰী জিলাৰ উত্তৰ প্ৰান্তৰ ২০ খনতকৈও অধিক গাঁৱত খেতিপথাৰকে ধৰি বাসগৃহ লণ্ড-ভণ্ড কৰে হাতীৰ জাকটোৱে । বন বিভাগ অথবা জিলা প্ৰশাসনে হাতীৰ জাকটোক খেদি পঠিওৱাত ব্যৰ্থ হয় । আজি হাতীৰ জাকটোৱে ৰাষ্ট্ৰীয় ঘাইপথ পোৱাত এতিয়া শংকিত হৈ পৰিছে ঘগ্ৰাপাৰ অঞ্চলৰ ৰাইজ । সম্প্ৰতি ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ লগতে বন বিভাগৰ উপৰি ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই পৰিস্থিতিৰ বুজ লৈ আছে ৷  

লগতে পঢ়ক:দীৰ্ঘদিনৰ পাছত লাওখোৱা, বুঢ়াচাপৰিত গঁড়ৰ মুক্ত বিচৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.