Animal ambulance seized in Nalbari : উত্তৰ পূৱৰ পৰা গুজৰাটলৈ হাতী সৰবৰাহ; জব্দ এনিমেল এম্বুলেন্স - জব্দ এনিমেল এম্বুলেন্স

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 4, 2023, 1:26 PM IST

নলবাৰী, 4 মে’ : অসমৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে নিশা হ’লেই চলে জন্তুৰ সৰবৰাহ । এই কথাষাৰ সত্য প্ৰমাণিত হৈছে ৷ কিয়নো এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে পুনৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা বহিঃৰাজ্যলৈ বনৰীয়া জন্তু সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ আহিছে (Elephant smuggling from the North East to Gujarat) ৷ বুধবাৰে নিশা 27 নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰা হৈছে দুখন বৃহৎ এনিমেল এম্বুলেন্সসহ কেবাটাও বনৰীয়া জন্তু ৷ লগতে জব্দ কৰা হৈছে এখন বিলাসী বাহনো ৷

জানিব পৰা মতে, অইন দিনাৰ দৰে বুধবাৰেও 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ মন্দিৰ চ’কত নলবাৰী আৰক্ষীয়ে পহৰা দি আছিল ৷ নিয়মীয়া তালাচী চলি থকাৰ সময়তে এখন বৃহৎ এনিমেল এম্বুলেন্সৰ ওপৰেৰে এটা হাতীয়ে শুৰ বাহিৰলৈ উলিয়াই দিয়ে ৷ তাৰ পাচতে আৰক্ষীয়ে পৰীক্ষা কৰাত ওলাই পৰে উৰহী গছৰ ওৰ ৷

জানিব পৰা মতে, এনিমেল এম্বুলেন্সকেইখনত আছিল কেইবাটাও হাতী ৷ আৰক্ষীয়ে এনিমেল এম্বুলেন্সকেইখন পৰীক্ষা কৰাৰ অন্তত যাবলৈ দিয়ে ৷ যাক লৈ ক্ষোভিত হৈ পৰে স্থানীয় লোকৰ লগতে পাঠশালা আছু কৰ্মী ৷ স্থানীয় ৰাইজৰ লগতে আছু কৰ্মীয়ে J 01 TX 6852 আৰু GJ 10 TX 7356 নন্বৰৰ এম্বুলেন্স কেইখন জব্দ কৰে (Animal ambulance seized in Nalbari) ৷ লগতে GJ 27 EB 0011 নন্বৰৰ বিলাসী বাহনখন ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে ৷

অৱশ্যে আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আছু কৰ্মীয়ে জব্দ কৰা এনিমেল এম্বুলেন্সকেইখনক যাবলৈ অনুমতি প্ৰদান কৰে ৷

লগতে পঢ়ক : Manipur violence updates : মণিপুৰত সেনাৰ ফ্লেগ মাৰ্চ; আঠখন জিলাত কাৰ্ফিউ, ৫ দিনৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.