thumbnail

বছৰটোলৈ বুলি কৰা ধান খেতি চপাবলৈ পাবনে কৃষকে ?

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 12:50 PM IST

গোলাঘাট, 17 নৱেম্বৰ : গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । নিশা বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে । ইয়াৰ পাচতো কুম্ভকৰ্ণৰ নিদ্ৰাত আছে বিয়াগোম বন-বিভাগ ।

গোলাঘাটৰ আৱৰঘাটত যোৱা দুদিন ধৰি নিশা তাণ্ডৱ চলাই আহিছে এটা বন্যহস্তীৰ জাকে ৷ জনাঞ্চলত প্ৰৱেশ কৰি খাই তহিলং কৰিছে কৃষি ভূমি । বন্যহস্তীৰ উৎপাতত দুটাকৈ বিনিদ্ৰ ৰজনী কটাইছে ভোলাগুৰি,আৱৰঘাট আদি গাঁৱৰ ৰাইজে । গোলাঘাটৰ আৱৰঘাটত ধনশিৰি নদী পাৰ হৈ অহা এটা বৃহৎ বনৰীয়া হাতীৰ জাকে এতিয়া ত্ৰাহি মধুসূদন সোঁৱৰাইছে বৃহত্তৰ অঞ্চলবাসী ৰাইজক ।

প্ৰায় ৪০-৫০ টা হাতী থকা জাকটোৱে জনাঞ্চলত প্ৰৱেশ কৰি কৃষকৰ পকা ধান খাই বিস্তৰ ক্ষতি সাধন কৰিছে । হাতে হাতে টৰ্চ লৈ হাতী খেদিবলৈ ওলাই আহিছে গঞা ৰাইজ । জুই ধৰি হাতীক খেতিৰ পৰা আঁতৰাই ৰাখিবলৈ উজাগৰী নিশা কটাইছে কেইবাখনো গাঁৱৰ ৰাইজে ৷ বন্যহস্তীৰ এই ত্ৰাসৰ পৰা গাঁওবাসীক সকাহ দিয়াৰ আহ্বান জনাইছে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক ।

লগতে পঢ়ক : Elephant menace : শোণিতপুৰত পকা ধান খাই তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.