জয়পুৰৰ নামচাং চাহ-বাগিচাত বনৰীয়া হাতীৰ তাণ্ডৱ - বনৰীয়া হাতীৰ তাণ্ডৱ
🎬 Watch Now: Feature Video


Published : Jan 3, 2024, 3:35 PM IST
ডিব্ৰুগড়, 3 জানুৱাৰী : ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে হাতী মানুহৰ সংঘাত । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে প্ৰতিদিনে জনাঞ্চলত চলাইছে তাণ্ডৱ । ইয়াৰ মাজতে জয়পুৰৰ নামচাং চাহ-বাগিচাত বন্যহস্তীয়ে উপদ্ৰৱ চলায় । নিশা কেইবাটাও বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান হাতীৰ গচকত ধ্বংসস্তুপলৈ পৰিণত হয় ৷
বনৰীয়া হাতীৰ জাকটোৱে শৰৎ তাঁতীৰ ঘৰ, ভজৰাম সোনাৰৰ দোকান, মঙলা উৰাঙৰ বাসগৃহ আৰু বাগানৰ মেনেজাৰৰ বাংলোৰ গেট ভাঙি তচনচ কৰে । নিশা বন বিভাগৰ কৰ্মী উপস্থিত হৈ গুলী ফুটাই হাতীকেইটা খেদাবলৈ সক্ষম হয় যদিও স্থানীয় ৰাইজে বন্যহস্তীৰ আক্ৰমণৰ পৰা স্থায়ী পৰিত্ৰাণ পাবলৈ বন বিভাগক উচিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে । উল্লেখ্য যে, পাটকাই পৰ্বতৰ পৰা নামি অহা বন্যহস্তীৰ জাকে প্ৰায়ে জয়পুৰৰ বৃহত্তৰ অঞ্চলত ৰাইজৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টি কৰি আহিছে ।
লগতে পঢ়ক : গোলাঘাটত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ, নিৰ্লিপ্ত বন বিভাগ