Man elephant conflict : জামুগুৰিহাটত বনৰীয়া হাতীৰ উপদ্ৰৱ, ঘটনাস্থলীত উপস্থিত বিধায়ক পদ্ম হাজৰিকা - nameri national park
🎬 Watch Now: Feature Video
চতিয়া, 29 জুলাই : শোণিতপুৰ জিলাৰ বিভিন্ন এলেকাত হাতীৰ উপদ্ৰৱ ৷ জাক জাক বনৰীয়া হাতীয়ে অঞ্চলটোৰ খৃষ্টানবস্তি, মঙ্গলবৰীয়া,বৰদিকৰাই, মিলনপুৰকে ধৰি একাধিক অঞ্চলত গাওঁবাসীৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে খেতি কাৰ্য পৰ্যন্ত খাই অনিষ্ট কৰি আহিছে ৷ নিশা নামেৰী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বনৰীয়া হাতীয়ে 2 নং বৰদিকৰাইৰ ঠগীমায়া কাৰ্কী নামৰ মহিলাগৰাকীৰ বাসগৃহ ভাঙি তহিলং কৰে ৷
পাচত স্থানীয় ৰাইজৰ তৎপৰতাত মানুহগৰাকীৰ প্ৰাণ ৰক্ষা পৰে যদিও ওৰে নিশা বৰদিকৰাই অঞ্চলত তাণ্ডৱ সৃষ্টি কৰে বনৰীয়া হাতীয়ে ৷ বনৰীয়া হাতীৰ উপদ্ৰৱৰ খবৰ পোৱাৰ পিছতেই নিশা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু বন বিভাগৰ বিষয়ববীয়া উক্ত গাওঁসমূহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু বিধায়কগৰাকীয়ে উক্ত অঞ্চলত উপদ্ৰৱ কৰি থকা বনৰীয়া হাতীৰ জাকটোক শীঘ্ৰে খেদি পঠোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে ৷ এক আগষ্টৰ পিছতে বনৰীয়া হাতী প্ৰতিৰোধৰ ব্যৱস্থা হিচাপে চ’লাৰ ফেঞ্চিং দিয়াৰ ব্যৱস্থা কৰিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰাৰ উপৰিও বিধায়কগৰাকীয়ে 2 নং বৰডিকৰাইৰ ঠগীমায়া কাৰ্কী নামৰ মহিলাগৰাকীক আৰ্থিক সহায় আগবঢ়ায় ।
লগতে পঢ়ক : Poet Hiren Bhattacharyya: অসমীয়া জাতিটোক জানিবলৈ হীৰুদাকো জনাটো দৰকাৰ; গণশিল্পী লোকনাথ গোস্বামী