thumbnail

By

Published : Jul 22, 2022, 10:21 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / Videos

Elderly woman killed: মিছামাৰীত দ্ৰুতবেগী ৰে'লৰ খুন্দাত এগৰাকী আইতাৰ মৃত্যু

মিছামাৰীত ভয়ংকৰ ঘটনা ৷ শুকুৰবাৰে শোণিতপুৰ জিলাৰ মিছামাৰীত ৰে'লপথেৰে গৈ থকা অৱস্থাত এগৰাকীক আইতাক এখন দ্ৰুতবেগী ৰে'লে মহতিয়াই লৈ যায় (Elderly woman killed in high-speed train collision) ৷ মৃত বৃদ্ধা গৰাকীৰ নাম থানেশ্বৰী দৈমাৰী বুলি জানিব পৰা গৈছে ৷ তেওঁৰ ঘৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত মেজেংজুলি গাঁৱত (Train Accident at Misamari)৷ ঘটনাৰ বিৱৰণী অনুসৰি পুৱা প্ৰায় ১০.৩০ বজাত ৰঙিয়া-ৰঙাপৰা সংযোগী ব্ৰডগজ ৰে'ল পথচোৱাৰে বৃদ্ধা মহিলাগৰাকী বেলশিৰি নৈৰ ওপৰত থকা ৰে'লৱেৰ লোৰ দলংখনেৰে বেলশিৰি ৰে'ল ষ্টেচনলৈ গৈ আছিল ৷ তেনে সময়তে বিপৰীত দিশৰ পৰা অহা ৰঙিয়া-মুৰ্কংচেলেক যাত্ৰীবাহী ৰে'লখনে মহতিয়াই লৈ যায় মহিলাগৰাকীক (Old women death)৷ ঘটনাস্থলীত ৰঙাপৰা ৰে'ল আৰক্ষী উপস্থিত হৈ বৃদ্ধাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে যাৱতীয় পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.