Awareness on nutritious food: দিহা নাম পৰিৱেশনেৰে পুষ্টিকৰ আহাৰৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস - National Nutrition Month celebrated in Dhemaji
🎬 Watch Now: Feature Video


Published : Sep 29, 2023, 9:19 PM IST
ধেমাজি,২৯ ছেপ্টেম্বৰ: পোষণ মাহ উপলক্ষে ৰাজ্যজুৰি অব্যাহত বিভিন্ন কাৰ্যসূচী । সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ধেমাজিৰ বিভিন্ন প্ৰান্ততো পালন কৰা হৈছে পোষণ মাহ । কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ সীমাৰেখা তলত বাস কৰা শিশু আৰু মহিলাই যাতে পুষ্টিকৰ খাদ্যৰ অভাৱত যাতে বিপদত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰতো ধেমাজি জিলা প্ৰশাসনৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত বিভিন্ন ঠাইত পুষ্টিকৰ আহাৰৰ ওপৰত মাহজোৰা সজাগতা সভা অনুষ্ঠিত কৰি আহিছে ৷
শুকুৰবাৰে ধেমাজি মাছখোৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত মাছখোৱা ৰাজহুৱা প্ৰেক্ষাগৃহত অংগনাবাদীকৰ্মী আৰু সহায়িকাসকলে বিভিন্ন থলুৱা পুষ্টিকৰ প্ৰয়োজনীয় উপাদানেৰে সমৃদ্ধ ভিটামিন, খনিজ লৱন, আইৰণযুক্ত খাদ্য প্ৰস্তুত কৰি প্ৰদৰ্শন কৰাৰ লগতে দিহা নাম পৰিৱেশন কৰি সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, এই বছৰৰ পোষণ মাহৰ বিষয় হৈছে সুপোষিত ভাৰত, সাক্ষৰ ভাৰত, সশক্ত ভাৰত ।
লগতে পঢ়ক: APSC Cash for Job Scam: অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে পুনৰ তদন্ত সমিতি গঠন