নিকৃষ্ট ! ৰাসলীলা উদযাপনৰ বাবে চান্দা নিদিয়াৰ বাবেই ই-ৰিক্সা চালকক প্ৰহাৰ

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 12:58 PM IST

thumbnail

বিহপুৰীয়া,২২ নৱেম্বৰ: চান্দা সংস্কৃতি অপ-সংস্কৃতি বুলি বিভিন্ন সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অভিহিত কৰি বিভিন্ন অনুষ্ঠান আয়োজনৰ নামত চান্দা সংগ্ৰহ কৰা কাৰ্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি আহিছে । কিন্তু এনে সময়তে নাৰায়ণপুৰত শ্ৰীকৃষ্ণৰ মহাৰাসলীলা উদযাপনৰ নামত দাবীকৃত ধন নিদিয়াৰ বাবেই একাংশ উশৃংখল যুৱকে এজন যুৱকক মাৰপিট কৰাৰ ঘটনা সংঘটিত হৈছে ।  

উল্লেখ্য যে, নাৰায়ণপুৰৰ ধলপুৰ ভিৱজিঅ' ক্লাৱৰ উদ্যোগত ২৭ আৰু ২৮ নৱেম্বৰত দুদিনীয়াকৈ শ্ৰীকৃষ্ণৰ মহাৰাসলীলা উদযাপন কৰিবলৈ লোৱা হৈছে যদিও ধলপুৰত দাবী-ধমকিৰে ধন সংগ্ৰহ কৰাৰ লগতে শিমলুগুৰিৰ নাওঘূলিৰ কমল শইকীয়া নামৰ এজন ই-ৰিক্সা চালকক দাবীকৃত দুশ টকা ধন নিদিয়াৰ বাবেই ছয়-সাতজনীয়া এটি দলে মাৰপিট কৰা ঘটনা সংঘটিত হৈছে ৷ ইয়াকে লৈ সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ ৷  

পৰৱৰ্তী সময়ত ক্ষুদ্ধ শিমলুগুৰি ই-ৰিক্সা সংন্থাৰ লগতে কমল শইকীয়াৰ পৰিয়াল ধলপুৰ আৰক্ষী চকীত উপস্থিত হৈ এজাহাৰ দাখিল কৰি দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষীক দাবী জনায় ৷ কিন্তু আৰক্ষীয়ে বিষয়টোত গুৰুত্ব নিদিয়াত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ তিনি বছৰ অতিক্ৰম কৰা ৰাস কমিটিলৈ চৰকাৰে আৰ্থিক সাহাৰ্য ঘোষণা কৰাৰ সময়তো চান্দাৰ নামত এইদৰে মাৰপিট কৰাৰ দৰে ঘটনাক সহজভাবে ল'ব পৰা নাই ৰাইজে ৷ বিষয়টি গুৰুত্ব সহকাৰে লৈ দোষীক উচিত শাস্তি প্ৰদান কৰিবৰ বাবে প্ৰশাসনক ভুক্তভোগীৰ লগতে ৰাইজে দাবী জনাইছে ৷

লগতে পঢ়ক: ওদালগুৰিৰ গুৰিহাটীত ৬৩ সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.