Child kidnapped: চকলেট খুৱাবলৈ নি 4 বছৰীয়া কণমানিক অপহৰণ - E rickshaw driver
🎬 Watch Now: Feature Video


Published : Aug 23, 2023, 7:44 AM IST
নগাঁও, 23 আগষ্ট: নগাঁও চহৰৰ ডিমৰুগুৰি বালিবুৰিত চাঞ্চল্যকৰ ঘটনা ৷ 4 বছৰীয়া কণমানিক অপহৰণ কৰিলে ই-ৰিক্সা চালকে ৷ ঘটনা অনুসৰি ঢেকীয়াজুলিৰ শ্যামল দাস নামৰ ই-ৰিক্সা চালকজনে কণমানিজনীক অপহৰণ কৰি নিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ পংকজ ৰয় নামৰ ব্যক্তিজনৰ পৰিয়ালৰ লগত ভাড়াঘৰত একেলগে আছিল শ্যামল ৷ কিন্তু মঙলবাৰে দুপৰীয়া পংকজ ৰয়ৰ কন্যাক চকলেট কিনি দিবলৈ দোকানলৈ নি অন্তৰ্ধান হয় শ্যামল ।
পৰিয়ালৰ লোকে বহু বিচাৰিও সন্ধান উলিয়াব পৰা নাই চাৰি বছৰীয়া কণমানি জনীৰ লগতে ই-ৰিক্সা চালক শ্যামল দাসৰ ৷ ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত ইটাচালী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে কণমানিজনীৰ পিতৃ-মাতৃয়ে ৷ ‘‘শ্যামলক দেখিলে ফূৰ্তিতে ক’ব নোৱাৰা হয় মোৰ ছোৱালীজনী ৷ তেওঁ সদায় চকলেট আনি দিয়ে ৷ সৰু ছোৱালীজনীক আন দিনৰ দৰে চকলেট কিনি দিয়াৰ প্ৰলোভন দি দোকানলৈ লৈ গ’ল ৷ কিন্তু বৰ্তমানো সন্ধান নাই তাৰ ৷ যি কোনো প্ৰকাৰে মোৰ ছোৱালীক লাগে ৷’’ এই মন্তব্য অপহৃতা কিশোৰীৰ পিতৃৰ ৷
লগতে পঢ়ক:Bhaona Performed by Children: কলিয়াবৰত কণ কণ শিশুসকলৰ 'শ্যামন্ত হৰণ' নাট মঞ্চস্থ