thumbnail

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 5:12 PM IST

ETV Bharat / Videos

dussehra celebration: ২০ ফুট উচ্চতাৰ ৰাৱণক দহিলে কলিযুগৰ ৰামে

মৰিগাঁও, 25 অক্টোবৰ : পোন প্ৰথমবাৰৰ বাবে মৰিগাঁৱত উদযাপন কৰা হ’ল দশেৰা অৰ্থাৎ ৰাৱণ দহন কাৰ্যসূচী ৷  বিজয়া দশমীৰ দিনটোতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁৱৰ গছবাৰী খেল পথাৰত ২০ ফুট উচ্চতাৰ এটি ৰাৱণৰ মূৰ্তি সাজি দশেৰা উৎসৱ অৰ্থাৎ ৰাৱণ বধ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় ।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মৰিগাঁও নগৰৰ উদ্যোগত অনুষ্ঠিত কৰা এই দশেৰা অৰ্থাৎ ৰাৱণ বধ উৎসৱত মৰিগাঁৱৰ বহু সংখ্যক লোকে উপভোগ কৰা দেখা গ’ল ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মকৰ্তাসকলো উপস্থিত থাকে দশেৰাত ৷ মৰিগাঁও জিলাৰ গছবাৰী খেল পথাৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মৰিগাঁও নগৰৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে দশেৰা উৎসৱ পালন কৰা হয় ।

লগতে পঢ়ক : Dussehra in Mirza: দক্ষিণ কামৰূপৰ সৰপাৰাত ১৫০ ফুট উচ্চতাৰ ৰাৱণ দাহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.