কোকৰাঝাৰৰ গৌড়নগৰত কেদাৰনাথ মন্দিৰৰ আৰ্হিত দুৰ্গা পূজা মণ্ডপ - BTR EM Arup Kumar Dey
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16539269-thumbnail-3x2-djchs.jpg)
কোকৰাঝাৰ চহৰৰ গৌড়নগৰত কেদাৰনাথ মন্দিৰৰ(Kedarnath Temple) আৰ্হিৰে নিৰ্মাণ কৰা হৈছে দুৰ্গা পূজা মণ্ডপ ৷ জাহ্নৱী ক্লাৱে আয়োজন কৰা ৫৫ বছৰ গৰকা দুৰ্গা পূজাৰ এইবাৰৰ মণ্ডপটো বিভিন্ন ৰং আৰু আলোকসজ্জাৰে জাকত-জিলিকা কৰি তোলা দেখা গৈছে (Durga Puja Mandap in Kokrajhar)৷ সম্প্ৰতি ভক্তপ্ৰাণ ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে মণ্ডপটো ৷ বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই(BTR EM Arup Kumar Dey) মহা সপ্তমীত পূজা মণ্ডপটোৰ মূল দ্বাৰ মুকলি কৰে ৷ কাৰ্যবাহী সদস্যগৰাকীয়ে যুৱ প্ৰজন্মক নিচাজাতীয় দ্ৰব্য সেৱনৰ পৰা বিৰত থাকি সুৰক্ষিতভাবে দুৰ্গা পূজাৰ আনন্দ উপভোগ কৰিবলৈ আহ্বান জনায় ৷
Last Updated : Feb 3, 2023, 8:28 PM IST