thumbnail

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 1:51 PM IST

ETV Bharat / Videos

Durga puja 2023: ঐতিহ্যমণ্ডিত বুঢ়াথানত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ

ওদালগুৰি, 21 অক্টোবৰ: মহাসপ্তমী উপলক্ষে ঐতিহ্যমণ্ডিত টংলা সাৰ্বজনীন বুঢ়াথান ও দুৰ্গা মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে । শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাক আৰাধনা কৰাৰ বাবে এইবেলি টংলা সাৰ্বজনীন দুৰ্গামন্দিৰত উদযাপন সমিতিয়ে পাঁ‌চদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰিছে 458 সংখ্যক দুৰ্গোৎসৱ । শনিবাৰে মহাসপ্তমীৰ দিনা ইয়াত ভক্তসকলে শৰাই আগবঢ়োৱাৰ লগতে 100 টাত কৈ অধিক পঠা ছাগলী বলি দিয়াৰ কথা প্ৰকাশ কৰে উদযাপন সমিতিয়ে ৷

এই মন্দিৰত শৰাই আগবঢ়ালে ভক্তৰ মনোকামনা পূৰণ হয় বুলি জনবিশ্বাস প্ৰচলিত ৷ জিলাখনৰ লগতে ভিন্ন প্ৰান্তৰ মানুহৰ ইয়াত সমাগম ঘটে । আনহাতে কাইলৈ অৰ্থাৎ অষ্টমীৰ দিনা বুঢ়াথানত তিনিটাকৈ ম’হ বলি দিয়াৰ লগতে প্ৰায় 10 হাজাৰ ভক্তক মহাপ্ৰসাদ বিতৰণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে পূজা সমিতিয়ে ৷ 

ভক্তসকলৰ সুবিধাৰ্থে পূজা সমিতিয়ে খোৱা পানী, জৰুৰীকালীন এম্বুলেঞ্চ সেৱাৰ লগতে আন বিভিন্ন সুবিধা প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: History of durga puja: কেনেকৈ হ’ল পৰম আৰাধ্য দেৱী দুৰ্গাৰ সৃষ্টি? শৰতকালতেই কিয় অনুষ্ঠিত হয় দুৰ্গা পূজা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.