Durga Puja 2023: ধেমাজিত মহাষষ্ঠীৰ নিশা ভক্তিৰসত বুৰ গ’ল সকলো - মহাষষ্ঠীৰ দিনা ধেমাজি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 8:04 AM IST

ধেমাজি, 21 অক্টোবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজিতো মহাষষ্ঠীৰ নিশা উৎসৱমুখৰ পৰিৱেশ ৷ আলোক সজ্জাৰে সুশোভিত হৈ পৰিছে ইখনৰ পিচত সিখন মণ্ডপ  ৷ সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিতো মহাষষ্ঠীৰ সন্ধিয়া ঢাক-ঢোল বজাই বেদীত স্থাপন কৰা হয় মা দুৰ্গাক ৷ 

মহাষষ্ঠীৰ দিনা ধেমাজিৰ বিভিন্ন পূজা-সমিতিসমূহে ঢাক-ঢোল বজাই নিশা ৰাজপথত ব্যাপক উছাহ-উদ্দীপনা কৰা পৰিলক্ষিত হয় ৷ সমান্তৰালভাৱে পৰম্পৰাগতভাৱে দেৱীক মণ্ডপত প্ৰতিষ্ঠা কৰা হয় ৷ ইপিনে প্ৰতিখন পূজা মণ্ডপ আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলা দেখিবলৈ পোৱা গৈছে ৷ আলোকসজ্জাই সমগ্ৰ নগৰৰ ৰাজপথ পোহৰাই তোলা পৰিলক্ষিত হৈছে ৷

পূজা সমিতিসমূহে নিৰাপত্তা ব্যৱস্থা দিশটোৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে আৰক্ষীয়েও প্ৰতি মুহূৰ্ততে সতৰ্কতা অৱলম্বন কৰিছে ।

লগতে পঢ়ক: Durga Puja 2023: যোৰহাটত পূজা চালে মন্ত্ৰী অজন্তা নেওগে; কুশল কামনা কৰিলে ৰাইজৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.