thumbnail

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 12:04 PM IST

ETV Bharat / Videos

Durga puja 2023: সমাগত দুৰ্গা পূজাক লৈ জাঁজী হাঁহচৰা সাৰ্বজনীন পূজা সমিতিৰ ব্যাপক প্ৰস্তুতি

টীয়ক, 18 অক্টোবৰ: দুৰ্গা পূজালৈ মাজত মাথো এটা দিন বাকী থকা অৱস্থাত অন্যান্য স্থানৰ লগতে টীয়কৰ জাঁজী হাঁহচৰাটো পূজাক লৈ ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে । জাঁজী হাঁহচৰা সাৰ্বজনীন পূজা সমিতিৰ এই পূজাই এই বৰ্ষত 64 বছৰত ভৰি দিলে । বিগত বছৰসমূহৰ দৰে এইবাৰো থলুৱা শিল্পীয়ে নিৰ্মাণ কৰিছে প্ৰতিমাবোৰ ৷ 

উল্লেখযোগ্য যে, এই পূজাভাগত আধ্যাত্মিক পৰিৱেশৰ সমান্তৰালকৈ আকৰ্ষণীয় মণ্ডপে বৃহত্তৰ টীয়কৰ ৰাইজৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে । প্ৰতিবছৰে স্থানীয় শিল্পীৰ হাতৰ পৰশত মণ্ডপভাগ ব্যতিক্ৰমী ৰূপত সজাই পৰাই আহিছে উদ্যোক্তাসকলে । ইপিনে ষষ্ঠীত দেৱীৰ প্ৰতিমা প্ৰতিষ্ঠা কৰাৰ পিচৰে পৰা দুৰ্গা দেৱীৰ নাম, উৰুলি প্ৰতিযোগিতাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে উদ্যোক্তা সমিতিয়ে ৷ 

টীয়কৰ জাঁজী হাঁহচৰা পূজাৰ উদ্যোক্তাসকলৰ দিনে নিশাই ব্যস্ততাৰ অন্ত নাইকিয়া হৈছে ।  

লগত পঢ়ক: Kati Bihu 2023: আজি অসমীয়াৰ প্ৰাণৰ উৎসৱ কাতি বিহু; জানো আহক এই উৎসৱৰ সৈতে জড়িত কিছু বিশেষ কথা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.