thumbnail

By

Published : Sep 13, 2022, 12:06 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / Videos

হাউলীত ভেজাল সুৰা প্ৰস্তুতকাৰী কাৰখানা উৎখাত

বৰপেটা জিলাৰ হাউলীত নকল আৰু ভেজাল সুৰা প্ৰস্তুত কৰা কাৰখানা উৎখাত (duplicate liquor factory busted at Hawli Barpeta) ৷ হাউলীৰ জলজলীত কাৰখানা স্থাপন কৰি দীৰ্ঘদিন ধৰি নকল আৰু ভেজাল বিলাতী সুৰা তৈয়াৰ কৰি গোপনে বিক্ৰী কৰা হৈছিল ৷ গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত আজি পুৱা বৰপেটাৰ আবকাৰী বিভাগে অভিযান চলায় এই অবৈধ সুৰা কাৰখানাত (Barpeta excise department raids in illegal liquor factory) ৷ বৰপেটাৰ আবকাৰী পৰিদৰ্শক সৌৰভ প্ৰাণ শৰ্মা আৰু সহকাৰী আবকাৰী পৰিদৰ্শক প্ৰশান্ত পাঠকৰ নেতৃত্বত আবকাৰীৰ এটা দলে পুৱা ৫ বজাৰ পৰা অভিযান চলাই উৎখাত কৰে নকল সুৰাৰ কৰাখানাটো ৷ বৃহৎ আকাৰৰ ড্ৰামত বৰষুণৰ পানী জমা কৰি সেই পানীত স্পিৰিট মিহলি কৰি প্ৰস্তুত কৰা হৈছিল নকল আৰু ভেজাল সুৰা ৷ নকল সুৰা প্ৰস্তুত কৰা চন্দ্ৰ শীলক গ্ৰেপ্তাৰ কৰে আবকাৰী বিভাগে (duplicate liquor manufacturer arrested in Barpeta) ৷ বিভিন্ন বিলাতী সুৰাৰ খালী বটল, লেবেল, সাঁফৰ, আদিও জব্দ কৰে আবকাৰী বিভাগৰ দলটোৱে ৷ ঘৰতে সুৰা প্ৰস্তুত কৰা অবৈধ কাৰখানা স্থাপন কৰি বজাৰত নকল আৰু ভেজাল সুৰা বিক্ৰী কৰি আহিছিল চন্দ্ৰ শীলে ৷ আবকাৰী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় নকল সুৰা প্ৰস্তুত কৰা ব্যৱসাযী চন্দ্ৰ শীলক ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.