থৰক-বৰক খোজেৰে নেহেৰুৱালীত যান-বাহন নিয়ন্ত্ৰণ এজন আৰক্ষীৰ
🎬 Watch Now: Feature Video
ভৰি থৰক বৰক, চকু জলক-তবক ৷ তথাপিও নিজৰ কৰ্তব্যত অটল এগৰাকী বিশেষ লোক ৷ ঘটনাটো নগাঁৱৰ নেহেৰুৱালীৰ সমীপৰ ৷ শুকুৰবাৰে নিশা নেহেৰুৱালীত অনুষ্ঠিত হৈছিল বসন্ত উৎসৱ (Neherubali Basanta utsav)৷ অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল জুবিন গাৰ্গ (Zubeen Garg at Neherubali)৷ গতিকে ভিৰ নোহোৱাৰ কথাই নাই ৷ পিছে বসন্তৰ বা অলপ বেছিকৈয়ে লাগিল এগৰাকী যান-বাহন আৰক্ষীৰ লোকৰ গাত (Drunken traffic police on duty)৷ গতিকে কৰ্তব্যৰ মাজতে কৰিলে সুৰাপান ৷ তাৰ পাচত বাট বুলিলেই হেৰাই বাট ৷ ছাৰ কিন্তু তথাপিও ফিট ৷ খোজ থৰক বৰক হ’লেও কিন্তু পাহৰি যোৱা নাই দায়িত্ব ৷ তেনেকৈয়ে জুবিন গাৰ্গৰ অনুষ্ঠান চাবলৈ অহা যান-বাহন নিয়ন্ত্ৰণ কৰিছে এইগৰাকী যান-বাহন আৰক্ষীয়ে ৷ হুইছেল বজাই বজাই থৰক বৰক খোজেৰে কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষীজনৰ কৰ্ম-কাণ্ডই পিছে আমোদ দিলে জুবিনৰ অনুষ্ঠান চাবলৈ অহা ৰাইজক ৷
Last Updated : Feb 3, 2023, 8:23 PM IST