ৰঙিয়াত ৰাইজৰ ৰোষত পৰিল দুই নিচাসক্ত যুৱক - Drunk youth beaten up by people
🎬 Watch Now: Feature Video


Published : Dec 13, 2023, 2:05 PM IST
ৰঙিয়া,১৩ ডিচেম্বৰ: ৰঙিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ' । ভিডিঅ'টোত ৰঙিয়াৰ কেইজনমান লোকে দুই নিচাসক্ত যুৱকক এচাৰিৰে প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে । ঘটনাটো ৰঙিয়াৰ উদিয়ানাৰ । জানিব পৰা অনুসৰি ৰঙিয়াৰ উদিয়ানাৰ ৰাইজৰ বিচাৰৰ সন্মুখীন হ'ল দুই ড্ৰাগছ আসক্ত যুৱক ।
নিচাসক্ত দুই যুৱক হৈছে আমজেদ আলী আৰু কম্বল আলী । ৰঙিয়াৰ সমীপৰ ধুহিৰ বৰদোঙা বটাকুছিৰ পৰা দুই যুৱকে ৰঙিয়ালৈ আহিছিল ড্ৰাগছ ক্ৰয় কৰিবলৈ । পিছে দুয়োৰে দিন বেয়া আছিল । উদিয়ানাৰ ৰাজপথত দুয়ো ঘূৰি ফুৰোতেই স্থানীয় লোক কেইজনমানৰ সন্দেহ হয় । দুয়োজনকে ক'ৰ পৰা আহিছে কিয় আহিছে বুলি সোধপোচ কৰাত দুয়োজনে স্থানীয় লোককেইজনৰ ওচৰত ড্ৰাগছৰ ক্ৰয় কৰিবলৈ অহা বুলি স্বীকাৰ কৰে ।
কথাটো বিয়পি পৰাত ওচৰতে থকা বহু কেইজন লোক গোট খাই নিচাসক্ত যুৱক কেইজনক ৰাজপথতেই আঠুকঢ়াই থয় । ইয়াৰে মাজতে কেইজনমান লোকে আকৌ এচাৰিৰে দুই যুৱকক উত্তম-মধ্যম শোধায় । পিছত দুই যুৱকে আগলৈ ড্ৰাগছ সেৱন নকৰো বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰাত ৰাইজে দুই যুৱকক ঘৰলৈ যাবলৈ দিয়ে ।