Crime in Guwahati : গড়চুক আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছ, নকল টকাসহ মেচিন

By

Published : Aug 12, 2023, 10:41 AM IST

thumbnail

গুৱাহাটী, 12 আগষ্ট: মহানগৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় এটা  ড্ৰাগছ সৰবৰাহকাৰী । গড়চুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যেন্দ্ৰ সিংহ হাজাৰিৰ নেতৃত্বত সাউকুচিত চলোৱা এক অভিযানত গ্ৰেপ্তাৰ কৰা হয় নুৰ হুছেইন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী । লগতে সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰা হয় 42 টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ । 

আনহাতে এই ঘটনাৰ কিছুসময় পিছতে শুকুৰবাৰৰ নিশা আৰক্ষীয়ে চলোৱা আন এক অভিযানত পুনৰ জব্দ কৰা হয় জাল নোট সহ টকা বনোৱা মেচিন । মহানগৰীৰ লখৰাত গড়চুক আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত চলোৱা এই অভিযানত জব্দ কৰে প্ৰায় 7 লক্ষাধিক টকা । লগতে নোট বনোৱা মেচিনসহ গ্ৰেপ্তাৰ কৰে বৰপেটাৰ মান্নান মালিকক । 

উল্লেখ্য যে, বিগত এটা সপ্তাহত মহানগৰীত 22 লক্ষাধিক নকল টকা জব্দ হোৱাৰ বিপৰীতে গ্ৰেপ্তাৰ হৈছে 7 সৰবৰাহকাৰী । ইতিমধ্যে অধিক তথ্যৰ বাবে দুয়োটা ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে ।  

লগতে পঢ়ক: Kidnapped in Rangia: ৰঙিয়াত বিশেষভাৱে সক্ষম কিশোৰীক অপহৰণ, অব্যাহত আৰক্ষীৰ তদন্ত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.