Drugs seized: ড্ৰাগছ, নগদ ধনসহ আৰক্ষীৰ জালত এজন
🎬 Watch Now: Feature Video
মৰাণ, 20 জুলাই : আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও ড্ৰাগছ সৰবৰাহৰ লগতে ড্ৰাগছ সেৱন কমি যোৱা নাই ৷ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে ডিব্ৰুগড় আৰক্ষীয়ে নগদ ধনসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে ৷
বকোৰ পৰা জব্দ কৰে ১.৮৪ গ্ৰাম ড্ৰাগছ, মোবাইল ফোনসহ নগদ ২,৪০০ টকা ৷ ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আইনুল হুছেইন নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ্জ্বল গগৈৰ নেতৃত্বত চলা অভিযানত বকুল মাজগাঁৱৰ আইনুল হুছেইনৰ বাসগৃহত অভিযান চলাই এই ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷
এই আইনুল হুছেইনে দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহ কৰি আহিছিল ৷ লাহোৱাল আৰক্ষীয়ে আইনুল হুছেইনক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: Youth committed suicide: প্ৰেয়সীৰ প্ৰতাৰণা; অন কেমেৰা চিপ লৈ মৃত্যু যুৱকৰ