ETV Bharat / sports

ঠিকনা সলনি হ’ল কে এল ৰাহুলৰ; 14 কোটি টকাত ক্ৰয় দিল্লী কেপিটেলছৰ - IPL AUCTION 2025

আই পি এলৰ মেগা নিলামত কে এল ৰাহুলক ক্ৰয় কৰিছে দিল্লী কেপিটেলছে ৷ পূৰ্বে খেলুৱৈগৰাকী সংযুক্ত আছিল লক্ষ্ণৌ চুপাৰ জায়েণ্টছত ৷

IPL Auction 2025
কে এল ৰাহুল (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : Nov 24, 2024, 6:59 PM IST

স্প’ৰ্টছ ডেস্ক: আই পি এল 2025 ৰ মেগা নিলামত ভাৰতীয় বেটছমেন কে এল ৰাহুলৰ আধাৰমূল্য নিৰ্ধাৰণ কৰা হৈছিল 2 কোটি টকা ৷ খেলুৱৈগৰাকীৰ ওপৰত প্ৰথম নিবিদা দিছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৷

ইয়াৰ পিছত কলকাতা নাইট ৰাইডাৰ্ছেও এই দৌৰত অৱতীৰ্ণ হৈছিল ৷ নিলামৰ সময়ত ৰাহুলে একেলগে 5 কোটি টকা অতিক্ৰম কৰা দেখা যায় ।

দিল্লী কেপিটেলছ, আৰ চি বিয়ে ৰাহুলৰ বাবে কৰিছিল বিড

কে এল ৰাহুলৰ বাবে এই দুটা ফ্ৰেঞ্চাইজিৰ মাজত নিবিদাৰ বাবে তুমুল প্ৰতিদ্বন্দ্বিতা হোৱা দেখা গৈছিল ৷ তেওঁলোকে ৰাহুলৰ নিবিদা 10 কোটি টকালৈ লৈ গৈছিল । ইয়াৰ পিছত দিল্লী কেপিটেলছে ৰাহুলৰ বাবে নিবিদাত দিয়ে । দিল্লীয়ে নিবিদাটো 12 কোটি টকালৈ নিয়ে । বিপৰীতে চেন্নাই চুপাৰ কিংছে ৰাহুলৰ নিবিদাৰ নামত 13 কোটি টকা দিয়ে ।

দিল্লী কেপিটেলছৰ সৈতে সংযুক্ত কে এল ৰাহুল

পৰৱৰ্তী সময়ত ৰাহুলৰ বাবে চি এছ কে আৰু ডি চিৰ মাজত শক্তিশালী নিবিদা হোৱা দেখা যায় । অৱশেষত দিল্লী কেপিটেলছে কে এল ৰাহুলক 14 কোটি টকাত চুক্তিবদ্ধ কৰে । লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ পিছত আই পি এল 2025 ত দিল্লী কেপিটেলছত দেখা যাব খেলুৱৈগৰাকীক ৷

আই পি এল 2025 ৰ বাবে চলি আছে মেগা নিলাম । চৌদি আৰৱৰ জেদ্দাত দেওবাৰে ভাগ্য নিৰ্ণয় হ'ব 84 গৰাকী খেলুৱৈৰ । এই নিলামত মুঠ 204 টা খালী স্থান পূৰণ কৰা হ'ব । ইয়াৰ ভিতৰত 70 টা স্থান বিদেশী খেলুৱৈৰ বাবে ৰখা হৈছে । এই খালী পদবোৰ পূৰণ কৰিবলৈ 10 টা ফ্ৰেঞ্চাইজিয়ে নিলামত অংশগ্ৰহণ কৰিছে ।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2025 ৰ মেগা নিলামৰ বাবে 1,577 গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰিছিল ৷ কিন্তু চূড়ান্ত তালিকাত 577 জন খেলুৱৈৰহে নাম আছিল । ইয়াৰ ভিতৰত আছে 367 গৰাকী ভাৰতীয় আৰু 210 গৰাকী বিদেশী খেলুৱৈ ।

লগতে পঢ়ক: 27 ছেকেণ্ডত 27 কোটি টকাৰ অধিকাৰীত পৰিণত ঋষভ পন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.