ETV Bharat / sports

27 ছেকেণ্ডত 27 কোটি টকাৰ অধিকাৰীত পৰিণত ঋষভ পন্ত - IPL AUCTION 2025

আই পি এলৰ ইতিহাসত সৰ্বাধিক ব্যয়বহুল খেলুৱৈত পৰিণত হৈছে ঋষভ পন্ত ৷ শ্ৰেয়ছ আয়াৰক অতিক্ৰমী সৰ্বাধিক দামী খেলুৱৈত পৰিণত হয় পন্ত ৷

IPL Auction 2025
ঋষভ পন্ত (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : Nov 24, 2024, 6:19 PM IST

স্প’ৰ্টছ ডেস্ক: আই পি এল 2025 ৰ মেগা নিলামত সৰ্বাধিক দামী খেলুৱৈত পৰিণত হৈছে ঋষভ পন্ত ৷ পন্তৰ ওপৰত 2 কোটি আধাৰ মূল্যত নিবিদা আৰম্ভ হৈছিল । পৰৱৰ্তী সময়ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ দল দুটাই পন্তৰ বাবে বিড কৰা দেখা গৈছিল ।

পন্তক কেন্দ্ৰ কৰি হায়দৰাবাদ আৰু লক্ষ্ণৌৰ মাজত প্ৰতিদ্বন্দ্বিতা

আৰ চি বি আৰু এল এছ জিৰ উপৰিও ছানৰাইজাৰ্ছ হায়দৰাবাদেও পন্তৰ বাবে বিড কৰা দেখা যায় ৷ তাৰপিছত দুয়োটা দলে একেলগে 15 কোটিৰ নিবিদাত উপনীত হৈছিল । এই দুয়োটা ফ্ৰেঞ্চাইজিয়ে কোনো চিন্তা নকৰাকৈ পন্তৰ বাবে নিবিদা দিছিল আৰু 20 কোটিৰ নিবিদাত উপনীত হৈছিল ।

লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ সৈতে সংযুক্ত ঋষভ পন্ত

ইয়াৰ পিছত ক্ৰিকেটাৰগৰাকীৰ পুৰণি ফ্ৰেঞ্চাইজিয়ে ৰাইট টু মেচ কাৰ্ড ব্যৱহাৰ কৰি ঋষভ পন্তৰ বাবে নিবিদাটো অধিক আকৰ্ষণীয় কৰি তোলে ৷ তদুপৰি খেলুৱৈগৰাকীৰ নামত 20 কোটি টকা ব্যয় কৰিবলৈ সন্মত হয় ৷ ইয়াৰ লগে লগে পন্ত আই পি এলৰ ইতিহাসত নিলাম হোৱা সৰ্বাধিক ব্যয়বহুল খেলুৱৈত পৰিণত হৈ পৰে ৷

ইয়াৰ পূৰ্বে পঞ্জাৱ কিংছে শ্ৰেয়ছ আয়াৰক 26.75 কোটি টকাত ক্ৰয় কৰিছিল । তেওঁ আই পি এল ইতিহাসত নিলাম হোৱা দ্বিতীয় সৰ্বাধিক ব্যয়বহুল খেলুৱৈত পৰিণত হৈছে ৷ আনহাতে, কলকাতা নাইট ৰাইডাৰ্ছে আই পি এল 2024 ত মিচেল ষ্টাৰ্কক 24.75 কোটি টকা মূল্যত ক্ৰয় কৰিছিল ।

আই পি এল 2025 ৰ বাবে অব্যাহত আছে মেগা নিলাম কাৰ্যসূচী ৷ চৌদি আৰৱৰ জেদ্দাত দেওবাৰে 84 গৰাকী খেলুৱৈৰ ভাগ্য নিৰ্ণয় হ'ব ৷ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই নিলামত মুঠ 204 টা খালী স্থান পূৰণ কৰা হ'ব । ইয়াৰ ভিতৰত 70 টা স্থান বিদেশী খেলুৱৈৰ বাবে ৰখা হৈছে । এই খালী পদবোৰ পূৰণ কৰিবলৈ 10 টা ফ্ৰেঞ্চাইজিয়ে নিলামত অংশগ্ৰহণ কৰিছে ।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2025 ৰ মেগা নিলামত 1577 গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰিছিল, কিন্তু চূড়ান্ত তালিকাত আছিল 577 গৰাকী খেলুৱৈৰ নাম । য’ত আছে 367 গৰাকী ভাৰতীয় আৰু 210 গৰাকী বিদেশী খেলুৱৈ ।

ঋষভ পন্ত, শ্ৰেয়ছ আয়াৰ, জছ বাটলাৰ, অৰ্শদীপ সিং, কাগিছো ৰাবাডা, মিচেল ষ্টাৰ্ক, কে এল ৰাহুল, যুজবেন্দ্ৰ চাহাল, লিয়াম লিভিংষ্টোন, মহম্মদ ছামী আৰু মহম্মদ চিৰাজৰ দৰে খেলুৱৈসকলৰ আধাৰমূল্য হৈছে 2 কোটি টকা ।

লগতে পঢ়ক: 577 গৰাকী খেলুৱৈ, 641.5 কোটি টকা আৰু 204 টা খালী স্লট, আই পি এলৰ নিলামৰ সবিশেষ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.