ETV Bharat / state

লোন দান কৰিলে মনোবাঞ্চা পূৰণ হোৱা বৰভেটিত ২৫৭ সংখ্যক ন-লগোৱা উৎসৱ - TRADITIONAL HARVESTING FESTIVAL

মায়ামৰা বৈষ্ণৱ গুৰু শ্ৰীশ্ৰী অষ্টভুজদেৱৰ নেতৃত্বত ৮ লাখ ৯০ হাজাৰ ভক্তৰ ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত গঢ় লৈ উঠিছিল বৰভেটি ।

Traditional harvesting festival in Jorhat
বৰভেটিত ২৫৭ সংখ্যক ন-লগোৱা উৎসৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 5:22 PM IST

যোৰহাট: অগণন ভক্তৰে লোকাৰণ্য বুৰঞ্জী প্ৰসিদ্ধ মালৌপথাৰ ৷ দেওবাৰে ঐতিহাসিক মালৌপথাৰত অৱস্থিত বৰভেটিত ২৫৭ সংখ্যক ন-লগোৱা উৎসৱ পালন কৰা হয় ৷ মায়ামৰাৰ বৈষ্ণৱ গুৰু শ্ৰীশ্ৰী অষ্টভুজৰ নেতৃত্বত ৮ লাখ ৯০ হাজাৰ ভক্তৰ মহান ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত গঢ় লৈ উঠা এই বৰভেটিত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে মনৰ আশা পূৰণৰ বাবে ।

সাংস্কৃতিক নগৰী যোৰহাটৰ উত্তৰ পশ্চিম দিশে বুৰঞ্জী প্ৰসিদ্ধ মালৌপথাৰ বুকুত থকা বৰভেটি সেউজীয়া প্ৰাংগনত ন-লগোৱা উৎসৱ পালন কৰা হয় । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱৰ মৃদংগ,ভোৰতাল,গায়ন-বায়নেৰে আজি মুখৰিত হৈ পৰে ময়ামৰা ধৰ্মগুৰু অষ্টভুজদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত বৰভেটি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মায়ামৰা সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ খেল অনুসৰি বৰভেটি প্ৰাংগণৰ এক স্থানত সমৱেত হৈ সমাজৰ মুৰব্বীগৰাকীক লৈ একোখনকৈ সমাজ পাতি আঘোণৰ ন-চাউলৰ পিঠাগুৰি মিঠৈ সৈতে বুট, মগু, কল, কুঁহিয়াৰসহ একোখনকৈ ঠগি আগৱঢ়াই নিজৰ নিজৰ ন-লগোৱা কাম সম্পন্ন কৰে ।

বৰভেটিত ২৫৭ সংখ্যক ন-লগোৱা উৎসৱ (ETV Bharat Assam)

উদুলি-মুদুলি বৰভেটি :

হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকৰ সমাগমেৰে উদুলি-মুদুলি হৈ পৰে বৰভেটি । এই ন-লগোৱা উৎসৱত অংশগ্ৰহণ কৰি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে কয়, ‘‘একোচপৰাকৈ মাটি দি যিদৰে বৰভেটিৰ সৃষ্টি কৰিছিল সেইদৰে আমাৰ মনটো বৰভেটি দৰে হ'ব লাগিব, তেতিয়াহে আমি এখন সুস্থ সৱল সমাজ প্ৰতিষ্ঠা কৰিব পাৰিম । সকলোৰে মনত মনৰ বৰভেটি যিকোনো ত্যাগৰ বিনিময়ত প্ৰতিষ্ঠা কৰিব লাগিব ।"

১৭৬৮ খ্ৰীষ্টাব্দত নিৰ্মিত হৈছিল বৰভেটি :

জনবিশ্বাস মতে, তীৰ্থভূমিত ভক্তই ভক্তি ভাবেৰে লোণ দান কৰিলে মনোবাঞ্চা পূৰণ হয় । উল্লেখ্য যে আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত মায়ামৰা ধৰ্মগুৰু অষ্টভুজ গোঁসাইৰ দিনতেই তেওঁৰ পুত্ৰ সপ্তভুজে ১৭৬৮ খ্ৰীষ্টাব্দত সমগ্ৰ অসমত সিচৰিত হৈ থকা শিষ্যসকলক আমন্ত্ৰণ কৰি প্ৰত্যককে একোচপৰাকৈ মাটি দিয়াই মালৌ পথাৰৰ দ' ঠাইত বৰভেটি নিৰ্মাণ কৰিছিল । উক্ত ভেটিটো ওখ হোৱা বাবে ইয়াক বৰভেটি বুলি জনা যায় ।

লগতে পঢ়ক:টীয়কৰ ঐতিহাসিক মৈদামত লাচিত দিৱস উদযাপন; প্ৰশাসনৰ নাই গুৰুত্ব

জীৱন্ত ৰাসে প্ৰাণৱন্ত কৰি তুলিলে নলবাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.