ETV Bharat / bharat

সিন্দে নে ফাড়নাভিছ; কোন বহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত ? - MH ASSEMBLY ELECTION RESULTS

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ জল্পনা-কল্পনা অব্যাহত আছে । বিজেপিৰ নেতা ফাড়নাভিছ এই দৌৰত আগবাঢ়ি আছে । সোমবাৰে সকলো স্পষ্ট হ'ব ।

MH Assembly Election results
সিন্দে নে ফাড়নাভিছ;কোন বহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত (ANI)
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 5:11 PM IST

মুম্বাই: মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটিয়ে বৃহৎ জয় সাব্যস্ত কৰিছে । নিৰ্বাচনৰ ফলাফলৰ এদিন পিছতে ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি আছে ।

চৰ্চাত ফাড়নাভিছ আৰু সিন্দে

শীৰ্ষত থকা দুটা নাম হৈছে বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাভিছ আৰু শিৱসেনাৰ একনাথ সিন্দে । ৰাজনৈতিক চৰ্চা থাকিলেও ফাড়নাভিছক এই দায়িত্ব দিয়াৰ আটাইতকৈ বেছি সম্ভাৱনা আছে । ইফাল সিন্দেই গুৰুত্বপূৰ্ণ দপ্তৰৰ সৈতে উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰো সম্ভাৱনা আছে ।

মহাযুটিৰ অংশীদাৰ বিজেপি, শিৱসেনা আৰু এনচিপি (অজিত পাৱাৰ) এ পৰৱৰ্তী চৰকাৰ গঠনৰ বিষয়ে আলোচনা কৰিবলৈ আৰু মুখ্যমন্ত্ৰীৰ দায়িত্ব কাক অৰ্পণ কৰিব সেই সন্দৰ্ভত তেওঁলোকৰ স্থিতি জানিবলৈ গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে সাজু হৈছে । প্ৰতিটো দলে তেওঁলোকৰ নিজ নিজ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিবলৈ দেওবাৰে তেওঁলোকৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ সৈতে পৃথক বৈঠকৰ আহ্বান কৰিছে । এনচিপি নেতা অজিত পাৱাৰ ইতিমধ্যে দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে ।

মহাযুতিৰ দলবোৰৰ পৃথক বৈঠক

বিজেপিৰ ৰাষ্ট্ৰীয় যুটীয়া সাধাৰণ সম্পাদক শিৱ প্ৰকাশ আৰু মহাৰাষ্ট্ৰ গোটৰ সভাপতি চন্দ্ৰশেখৰ বাৱানকুলে দেওবাৰে মুম্বাইত তেওঁৰ বাসগৃহত উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছক সাক্ষাৎ কৰে । এক প্ৰতিবেদন অনুসৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী সিন্দেয়ে বান্দ্ৰাৰ এখন হোটেলত নৱ নিৰ্বাচিত শিৱসেনাৰ সকলো বিধায়কৰ সৈতে এখন বৈঠকৰ আহ্বান কৰিছে । এই পৃথক দলীয় বৈঠকৰ পিছত মহাযুটিৰ নেতাসকলে সোমবাৰে বৈঠকত মিলিত হ'ব । য'ত বিজয়ী মিত্ৰজোঁটৰ সকলো বিধায়কে মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনিৰ বিষয়ে আলোচনা কৰিব ।

ফাড়নাভিছৰ নেতৃত্বত বিজেপিয়ে ৰাজ্যখনত চমকপ্ৰদ ফলাফল দেখুৱাইছে । এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ দৌৰত সম্প্ৰতি ফাড়নাভিছ আগবাঢ়ি আছে ।

সিন্দে হ'ব একাংশৰ পছন্দ

অৱশ্যে, শিৱসেনাৰ বিধায়কসকলে নিজৰ স্থিতি শক্তিশালী কৰি ৰাখিবলৈ সিন্দেক পছন্দ কৰিব । দলটোৰ নৱনিৰ্বাচিত বিধানসভাৰ সদস্যসকলে ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে শাসকীয় মহাযুটি মিত্ৰশক্তিৰ সৈতে আলোচনা কৰিবলৈ সিন্দেক কৰ্তৃত্ব প্ৰদান কৰিছে ।

শিৱসেনা বিধায়িনী দলৰ সকলো নৱনিৰ্বাচিত সদস্য মুম্বাইত উপস্থিত হোৱাৰ পিছতে দেওবাৰে সন্ধিয়া বৈঠক অনুষ্ঠিত হ'ব । এই সন্দৰ্ভত সোধা প্ৰশ্নত সেনা নেতা দীপক কেশকৰে কয় যে মুখ্যমন্ত্ৰী পদৰ বিষয়টোত কোনো বিবাদ নাই । শিৱসেনাৰ নেতা দীপক কেশকৰে দেওবাৰে সাংবাদিকক কয় যে ২৫ নৱেম্বৰৰ ভিতৰত নতুন চৰকাৰে শপত ল'ব লাগিব কিয়নো বিদায়ী বিধানসভাৰ কাৰ্যকাল ২৬ নৱেম্বৰত শেষ হ'ব ।

লগতে পঢ়ক :মহাযুটিৰ ছুনামি; বিৰোধী শূন্য হ'ল মহাৰাষ্ট্ৰ বিধানসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.