Drugs seized in Sonitpur: জামুগুৰিহাটৰ ইটাখোলাত ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ - Assam police against drugs

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 26, 2023, 5:24 PM IST

চতিয়া, ২৬ ফেব্ৰুৱাৰী: ৰাজ্য়ৰ বিভিন্ন ঠাইত আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে বিশেষকৈ ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে (Assam police against drugs) ৷ আৰক্ষীয়ে অসমৰ প্ৰতিখন জিলাতেই এই অভিযান চলাইছে । ৰাজ্যৰ বিভিন্ন ঠাইত আৰক্ষীয়ে এনে নিচাজাতীয় দ্ৰব্যৰ লগতে ড্ৰাগছৰ সৈতে জড়িত অভিযুক্তকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ খাপ পিটি থকাৰ মাজতেই নিতৌ নতুন নতুন কৌশলৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে ড্ৰাগছ ৷ এনে অভিযানৰ মাজতেই ইটাখোলাত আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী (Drugs seized in Itakhola)। আৰক্ষীয়ে দেওবাৰে জামুগুৰিহাটৰ নিকটৱৰ্তী ইটাখোলাত ৪৩ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে (Drugs seized in Jamugurihat)। ইটাখোলা আৰক্ষীয়ে অভিযান চলাই ইটাখোলা সাপ্তাহিক বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীটোক । গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম নজৰুল ইছলাম বুলি জানিব পৰা গৈছে ।

ড্ৰাগছ সৰবৰাহকাৰী নজৰুল ইছলামৰ ঘৰ শোণিতপুৰ জিলাৰ খনামুখৰ কেকাকুলিত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । দীৰ্ঘদিনধৰি ড্ৰাগছ সৰবৰাহত জড়িত হৈ আছিল নজৰুল ইছলাম । আজি এক গোপন সূত্ৰৰ পম খেদি চতিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল জ্যোতি শইকীয়া আৰু ইটাখোলা আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি শইকীয়াৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰা হয় ড্ৰাগছ সৰবৰাহত জড়িত নজৰুল ইছলামক । ইতিমধ্যে আৰক্ষীয়ে নজৰুল ইছলামক সোধপোচ অব্যাহত ৰাখিছে ।

ইপিনে, অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ পিছতো ৰাজ্যত ড্ৰাগছৰ সৰবৰাহ নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিষয়টোত ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে ৷ ৰাজ্য়ৰ বিভিন্ন ঠাইত নিতৌ ন ন কৌশল অৱলম্বন কৰি হ’লেও ড্ৰাগছ সৰবৰাহকাৰীসকলে অসমৰ লগতে বহিঃৰাজ্য়লৈ গোপনে এই বেহা অব্যাহত ৰাখিছে । ফলত নৱ প্ৰজন্মই ইয়াৰ কৱলত পৰি ধ্বংসৰ দিশে গতি কৰিছে ।

লগতে পঢ়ক: Waterless Jal Jeevan Mission at Kaliabor : জলহীন জলজীৱন; আজিও ৰাজ্যৰ বহু অঞ্চলত ঘোলা পানীৰে পিয়াহ গুচাইছে ৰাইজে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.