Operation against drugs: নকল সোণৰ খনি বঙালমৰাত ড্ৰাগছসহ আটক 5 টাকৈ সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 7:14 AM IST

Updated : Aug 25, 2023, 7:21 AM IST

thumbnail

বিহপুৰীয়া, 24 আগষ্ট : ৰাজ্যত অব্যাহত ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে আৰক্ষীৰ জালত পৰিছে বহু অপৰাধীও ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে বৃহস্পতিবাৰে এক গোপন সূত্ৰৰ খবৰৰ আধাৰতে লখিমপুৰত ৰাইজে চলাই এক অভিযান ৷ এই অভিযানত ৰাইজে লখিমপুৰ জিলাৰ বঙালমৰাৰ 1 নং আহমেদপুৰৰ পৰা কৰায়ত্ত কৰে 5 টা সৰবৰাহকাৰীক ।

ধৃত সৰবৰাহকাৰী কেইটা হৈছে নুৰ আহমেদ, ফৈজুল ইছলাম, নুৰুল হক, মজিবুৰ ৰহমান আৰু জিয়াউৰ ৰহমান । লগতে ৰাইজে জব্দ কৰে ড্ৰাগছ ভৰ্তি 9 টা কণ্টেইনাৰ, দুটা ম’বাইল ফোনৰ লগতে এখন স্কুটি ৷ ইয়াৰ পাচতে ৰাইজে ঘটনা সন্দৰ্ভত খবৰ দিয়ে আৰক্ষীয়ে ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত বিহপুৰীয়া আৰু বঙালমৰা আৰক্ষী উপস্থিত হৈ আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী কেইটা ৷

পৰৱৰ্তী পৰ্যায়ত ধৃত সৰবৰাহকাৰী কেইটাক লগত লৈ বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ ৰয় আৰু উপ-পৰিদৰ্শক ডান্টেজিৎ দেউৰীয়ে পুনৰ 1 নং আহমেদপুৰৰ এটা ঘৰত চলায় অভিযান । জানিব পৰা মতে, ইতিমধ্যে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যহত ৰাখিছে ৷

লগতে পঢ়ক : BPSC teacher exam 2023:নালন্দাত ২০২৩ চনৰ বি পি এছ চি শিক্ষক পৰীক্ষাত বহিব নোৱাৰিলে বহু প্ৰাৰ্থী

Last Updated : Aug 25, 2023, 7:21 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.