Drugs seized at Manikpur: লক্ষাধিক টকাৰ ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

By

Published : Aug 15, 2023, 5:17 PM IST

thumbnail

মানিকপুৰ, 15 আগষ্ট : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । ড্ৰাগছৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান তীব্ৰতৰ হোৱাৰ পিচতো তিলমানো ভ্ৰূক্ষেপ নকৰা ড্ৰাগছ সৰবহকাৰীয়ে প্ৰতিদিনে নতুন নতুন কৌশল অৱলম্বন কৰি চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। 

বুধবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত গেৰুকাবাৰীত গেৰুকাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনয় মালাকাৰৰ গোপন অভিযানৰ ভিত্তিত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটোক । ধৃত সৰবৰাহকাৰীটো বৰপেটা জিলাৰ বান্দৰখোৱাৰ শ্বাহ আলম মণ্ডল (২৬) বুলি চিনাক্ত কৰা হৈছে। সৰবৰাহকাৰীটোৰ পৰা এটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰা হয়।

আৰক্ষীয়ে হাতে লোটে ধৰিবলৈ সক্ষম হয় সৰবৰাহকাৰীটোক । আৰক্ষীৰ তথ্যমতে, এটা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ লৈ বান্দৰখোৱাৰ পৰা বঙাইগাঁও অভিমুখে যাওঁতেই গেৰুকাবাৰী আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰীটো । সম্প্ৰতি সৰবহকাৰীটোক মাণিকপুৰ আৰক্ষী থানাত ৰাখি অধিক তথ্যৰ বাবে সোধা-পোচা অব্যাহত ৰাখিছে।

মঙলবাৰে ড্ৰাগছ সৰবহকাৰীটোক ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰি আৰক্ষীৰ জিম্মাত বিচাৰিব বুলি জানিব পৰা গৈছে। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য লাখৰ ওপৰত হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক: Jorhat theft incident: দিন দুপৰতে আলুৰ বস্তা চোৰ কৰি ধৰা পৰিল চোৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.