বটদ্ৰৱাত ড্ৰাগছসহ আটক সৰবৰাহকাৰী - Drugs seized in Batadrava

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 8, 2022, 3:57 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। নগাঁও আৰক্ষীয়েও নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । তেনে এক অভিযানৰ মাজতে বটদ্ৰৱাত জব্দ ড্ৰাগছ (Drugs seized in Batadrava)। নিশা বটদ্ৰৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত বাটমাৰিৰ পৰা এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে প্ৰায় ১৩ গ্ৰাম ড্ৰাগছ জব্দ কৰে । ড্ৰাগছ সৰবৰাহকাৰীটোৱে ব্যৱহাৰ কৰা AS-02-AJ-2249 নম্বৰৰ এখন বাহনো আৰক্ষীয়ে জব্দ কৰে । সৰবৰাহকাৰীটো হিজমুল বাহাৰ বুলি জানিব পৰা গৈছে (Drugs peddler arrested in Nagaon)৷ চাবোনৰ বাকচত ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰিছিল হিজমুলে । বিগত বহুদিন ধৰি হিজমুলে আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছ সৰবৰাহ কৰি অহাৰো অভিযোগ উঠিছে । বৰ্তমান বটদ্ৰৱা আৰক্ষীয়ে অধিক তথ্যৰ বাবে হিজমুলক জেৰা অব্যাহত ৰাখিছে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.