Drugs Seized in Bongaigaon : বঙাইগাঁৱত ড্ৰাগছসহ আটক ওম প্ৰকাশ মণ্ডলক - নিষিদ্ধ নিচা জাতীয় দ্ৰব্যৰ যোগান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 19, 2023, 7:06 AM IST

চিৰাং, 19 আগষ্ট : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ বঙাইগাঁৱতো আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । প্ৰতি দিনৰ দৰে শুকুৰবাৰে বঙাইগাঁও আৰক্ষীয়ে চলাই মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ এই অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছসহ আটক কৰে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত এটা অভিযুক্তক ৷

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি বঙাইগাঁও এটা দুষ্ট চক্ৰই চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায় ৷ এই ড্ৰাগছে মৃত্যুৰ মুখলৈ ঠেলি লৈ গৈ আছে উঠি অহা প্ৰজন্মক ৷ এক গোপন খবৰৰ তথ্যৰ আধাৰতে বঙাইগাঁও আৰক্ষীয়ে নিউ বঙাইগাঁৱৰ গেং কোৱাৰ্টাৰত চলায় এক অভিযান ৷ এই অভিযানতে আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি 8 টা প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰে ৷

লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত আটক কৰে ওম প্ৰকাশ মণ্ডল নামৰ এজনক ৷ আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, অভিযুক্ত ওম প্ৰকাশ মণ্ডলে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি নিউ বঙাইগাঁও আৰু বঙাগাঁৱৰ বিভিন্ন ঠাইত যুৱকক এই নিষিদ্ধ নিচা জাতীয় দ্ৰব্যৰ যোগান ধৰি আহিছিল ৷ সম্প্ৰতি বঙাইগাঁও আৰক্ষীয়ে অভিযুক্ত ওম প্ৰকাশ মণ্ডলক আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Heroin seized: দুটাকৈ অভিযানত চাৰি কোটি টকাৰ ড্ৰাগছ সহ তিনি সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.