Drugs Seized at Khatkhati : খটখটীত আৰক্ষী চি আৰপিএফৰ যৌথ অভিযানত সন্দেহ যুক্ত হেৰইন জব্দ - সন্দেহ যুক্ত হেৰইন জব্দ
🎬 Watch Now: Feature Video
ডিফু, ১৬ আগষ্ট : কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে কঠোৰ অভিযান ৷ কিন্তু আৰক্ষীৰ কঠোৰ অভিযানৰ পিছতো অসম-নাগালেণ্ড সীমান্তত থমকি ৰোৱা নাই ড্ৰাগছ মাফিয়া আৰু সৰবৰাহকাৰীৰ দৌৰাত্ম্য ৷ নিত্য নতুন কৌশলেৰে সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে বৰবিহ সদৃশ নিচাযুক্ত ড্ৰাগছৰ বেহা ৷
বুধবাৰে বিয়লি এক গোপন খবৰৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ এএছপি (নিৰাপত্তা) জন দাসৰ নেতৃত্বত এছ আই দীপক লাহন, এছআই স্বমধন স্বৰ্গীয়াৰী, এএছআই দীপক বৰা, থানা ষ্টাফ আৰু চি ২০ চি আৰপি এফৰ সহযোগত খটখটীৰ মৃত হামিদ আলীৰ পুত্ৰ ফুৰকান আলী (৩৭)ৰ বাসগৃহত তালাচী অভিযান চলায় ৷
এই তালাচীত ৬ টা পেকেটত ৫৭.৬৫ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো ৷ এই সন্দৰ্ভত এক গোচৰ ৰজু কৰি ধৃত ফুৰকান আলীক আৰক্ষীয়ে জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : Fake gold seized in Lakhimpur:লখিমপুৰত আনন্দ বাহিনীৰ টাৰ্গেট নকল সোণ বেপাৰী