Drugs Seized in Dibrugarh: ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

By

Published : Jun 12, 2023, 7:29 PM IST

thumbnail

ডিব্ৰুগড়, 12 জুন: ড্ৰাগছৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীৰ কঠোৰ অভিযান ৷ ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী ৷ চহৰখনৰ মলখুবছাৰ মিলিজুলি পথত 12 গ্ৰাম ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷

গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত গাভৰুপথাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৈমাৰীৰ নেতৃত্বত চলা এই অভিযানত ভূপেন তালুকদাৰ নামৰ সৰবৰাহকাৰীটোক আটক কৰে আৰক্ষীয়ে ৷ ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে ম‘বাইল ফোন আৰু ড্ৰাগছৰ কন্টেইনাৰ জব্দ কৰে ৷  

ইফালে ডিব্ৰুগড় নগৰ আৰক্ষী পৰিদৰ্শক প্ৰদীপ বৰা আৰু মিলন নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুৰাজ দাসৰ নেতৃত্বত চলা অভিযানত বৈৰাগীমঠ কছাৰীগাঁৱৰ পাৰভেজ আলী নামৰ এটা ড্ৰাগছ আসক্তক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে ৷ 

লগতে পঢ়ক: Assam Erosion news: গৰাখহনীয়া ৰোধৰ চেষ্টা ব্যৰ্থ চৰকাৰৰ, এসপ্তাহত জাহ গ’ল বাৰটাকৈ পৰিয়ালৰ ঘৰ-ভেঁটি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.