Crime in Tinsukia: তিনিচুকীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক চাৰি - তিনিচুকীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক চাৰি

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 27, 2023, 8:48 PM IST

তিনিচুকীয়া, ২৭ মে': তিনিচুকীয়াত আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ময়নুল ইছলামৰ নেতৃত্বত আৰক্ষীৰ এটা দলে পৰ্বতীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰে এটা সৰবৰাহকাৰীক (Drugs paddler arrested in Tinsukia) ৷ ধৃত সৰবৰাহকাৰীটোৰ নাম মনোজ মল্লিক ৷ মনোজ মল্লিকৰ লগতে পত্নীকো আটক কৰে আৰক্ষীয়ে ৷

মনোজৰ পৰা আৰক্ষীয়ে পাঁচটাকৈ চাবোনৰ পেকেটত ৬৫.২১ গ্ৰাম  ড্ৰাগছ জব্দ কৰাৰ লগতে নগদ ১১,৩৪০ টকা, তিনিটা মোবাইল ফোন আৰু ভালেসংখ্যক আপত্তিজনক সামগ্ৰী জব্দ কৰে ৷ সমান্তৰালভাৱে তিনিচুকীয়াৰ বৰদলৈ নগৰটো উৎপল বৰুৱা নামৰ এজন যুৱকক ভাৰাঘৰত ৩.৫ গ্ৰাম ড্ৰাগছসহ আটক কৰে ৷ পৰৱৰ্তী সময়ত পুনৰ মাকুম পথত বলৰাম ৰয় নামৰ এটা সৰবৰাহকাৰীক আটক কৰাৰ লগতে চাৰিটাকৈ কণ্টেইনাৰত ড্ৰাগছ জব্দ কৰে ৷

লগতে পঢ়ক:Lakshya Konwar slams Bhupen Borah: ভূপেন বৰাক মিথ্যাচাৰৰ আশ্ৰয় লৈ অসমবাসীক বিভ্ৰান্ত নকৰিবলৈ সকীয়নি লক্ষ্য কোঁৱৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.