thumbnail

Drugs peddler Detained: নলবাৰীত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

By

Published : May 9, 2023, 9:55 PM IST

নলবাৰী,৮ মে’ : ৰাজ্যজুৰি অব্যাহত আছে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান (Anti drugs operation in Nalbari) ৷ সোমবাৰে নিশা নলবাৰী জিলাৰ লোহাৰকাঠাত আদাবাৰী আৰক্ষীয়ে  ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় । আদাবাৰী পহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰণী দাসৰ নেতৃত্বত চলা এই অভিযানত ড্ৰাগছসহ এটা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ফইজুল হ'ক (৩০) বুলি জানিব পৰা গৈছে (Drugs peddler Detained) । 

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ৬টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু নগদ ৭০ হাজাৰ টকা জব্দ কৰে (Drugs and 70 thousand rs seized)। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোৰ বাসগৃহত অভিযান চলাই এই বৃহৎ পৰিমাণৰ ধনৰ লগতে ড্ৰাগছসমূহ জব্দ কৰে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৱে অঞ্চলটোত দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছৰ বেহা চলাই আহিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ৷ 

লগতে পঢ়ক: Kalgachia kidneping case : দুই শিশুৱে ৰচিছিল অপহৰণৰ নাটক !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.