কলগাছিয়াৰ জনতা বজাৰত ৰাইজৰ ৰোষত পৰিল দুই ড্ৰাগছ সেৱনকাৰী - Drug Peddlers Arrested at Kalgachia Janata Market
🎬 Watch Now: Feature Video


Published : Nov 21, 2023, 9:30 AM IST
বৰপেটা, 21 নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ সোমবাৰে নিশা কলগাছিয়াৰ জনতা বজাৰত ৰাইজৰ ৰোষত পৰিল ড্ৰাগছ সেৱনকাৰী ৷ ঘটনা অনুসৰি, লেংটিছিঙাৰ জুৰান আলী আৰু আৰীপ হুছেইন নামৰ দুই যুৱকে জনতা বজাৰত ক্ৰয় কৰিবলৈ আহিছিল ড্ৰাগছ । কিন্তু দুই যুৱকৰ প্ৰতি ৰাইজৰ সন্দেহ ওপজে ৷ লগতে লগতে ৰাইজে সোধা-পোচা কৰাত কোনো উত্তৰ দিয়া নাছিল দুই যুৱকে ৷ আনহাতে যুৱকদ্বয়ৰ পৰা ৰাইজে এটা ড্ৰাগছৰ কণ্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
ইফালে ৰাইজে দুই যুৱকক মাৰধৰ কৰাত ড্ৰাগছ সৰবৰাকাৰীৰ ফোন নম্বৰ ৰাজহুৱা কৰে ৷ পৰৱৰ্তী সময়ত দুই ড্ৰাগছ সেৱনকাৰীক আৰক্ষীক গতাই দিয়ে ৰাইজে ৷ আনহাতে ৰাইজৰ অভিযোগ যে, আৰক্ষীলৈও কেৰেপ নকৰে ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ড্ৰাগছ সেৱনকাৰীয়ে । যাৰ বাবে কলগাছিয়াৰ জনতা বজাৰ ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷
লগতে পঢ়ক;কংগ্ৰেছৰ ৰাজনীতি লোভৰ ৰাজনীতি, বিজেপিৰ ৰাজনীতি উন্নয়নৰ ৰাজনীতি : বিজেপিৰ মুখপাত্ৰ