মিছামাৰীতো টেংকাৰ চালক সন্থাৰ তীব্ৰ প্ৰতিবাদ - hit and run rule
🎬 Watch Now: Feature Video


Published : Jan 5, 2024, 9:44 PM IST
ৰঙাপৰা, ৫ জানুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰ নতুন পৰিবহন আইনৰ বিৰুদ্ধে সমগ্ৰ দেশ প্ৰতিবাদ মুখৰ হৈ পৰিছে । শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰৰ মিছামাৰীতো শ শ চালকে প্ৰতিবাদ সাব্যস্ত কৰে । পুৱাৰে পৰা মিছামাৰীস্থিত ভাৰতীয় তেল ডিপোৰ পৰা তেল সৰবৰাহৰ সৈতে জড়িত থকা টেংকাৰ চালকসকলে উক্ত বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে ।
পুৱা ১০ বজাত ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ মিছামাৰীৰ ডিপোৰ সন্মুখত নৰ্থ ইষ্ট পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । টেংকাৰ চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰাত শ শ টেংকাৰ গাড়ীৰ চলাচল স্তব্ধ হৈ পৰিছে । যাৰ ফলত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ থকা ডিজেল, পেট্ৰল গাড়ীৰ চলাচলো বন্ধ হৈ পৰে ।
লগতে পঢ়ক: গাড়ীচালকৰ প্ৰতিবাদত ব্যাহত তেজপুৰৰ স্বাভাৱিক জনজীৱন