ড৹ বাণীকান্ত কাকতি মেধা বঁটা: ৰঙা-নীলা স্কুটী চলাই শিক্ষাৰ্থীয়ে খেদিব সপোন - স্কুটী বিতৰণ
🎬 Watch Now: Feature Video
Published : Nov 30, 2023, 10:49 PM IST
যোৰহাট, 30 নৱেম্বৰ : ড৹ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫% বা তাতোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক বৃহস্পতিবাৰে যোৰহাটৰ শ্ৰীশ্ৰী পিতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত স্কুটী বিতৰণ কৰে যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে । উক্ত আঁচনিয়ে যোৰহাট জিলাৰ ১৫৬৪ ছাত্ৰ আৰু ছাত্ৰীক সাঙুৰি লৈছে । আজি বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী নেওগে কয় যে, ড৹ বাণীকান্ত মেধা বঁটা আঁচনিয়ে সমগ্ৰ ৰাজ্যৰ ৩৫ হাজাৰ শিক্ষাৰ্থীক সামৰি লৈছে, ইয়াৰ ভিতৰত ত্ৰিশ হাজাৰ ছাত্ৰী আৰু ৫ হাজাৰ ছাত্ৰ ।
আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দহমান দিন ধৰি চিটি স্কেন মেচিন বিকল হোৱা সন্দভত মন্ত্ৰী গৰাকীয়ে কয় যে, এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীৰে সৈতে আলোচনা কৰা হৈছে ৷ শীঘ্ৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ে লাভ কৰিব চিটি স্কেন মেচিন । আজি যোৰহাটৰ পিতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত মন্ত্ৰী অজন্তা নেওগৰ লগতে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, দেৰগাঁও সমষ্টি বিধায়ক ভৱেন্দ্ৰ নাথ ভঁৰালীকে ধৰি গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে ।
লগতে পঢ়ক : লখিমপুৰত বাণীকান্ত কাকতি বঁটা বিতৰণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ