Anand Sharma surgery: চিকিৎসক ডাঃ অনিল পান্নালালে আৰম্ভ কৰিছে আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ

By

Published : Dec 1, 2022, 1:47 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail
ৰেগিঙৰ বলি হোৱা আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ আৰম্ভ (Dibrugarh University ragging incident) । ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত আৰম্ভ হৈছে অস্ত্ৰোপচাৰ । নিউৰ'চাৰ্জন বিভাগৰ অভিজ্ঞ চিকিৎসক ডাঃ অনিল পান্নালালে আৰম্ভ কৰিছে অস্ত্ৰোপচাৰ । চিকিৎসকে জানিবলৈ দিয়া অনুসৰি ছয়জনীয়া এটা অভিজ্ঞ চিকিৎসকৰ দল আছে এই অস্ত্ৰোপচাৰত । এই অস্ত্ৰোপচাৰত সময়ৰ যথেষ্ট প্ৰয়োজন হ’ব বুলিও জনাইছে চিকিৎসকে । আনন্দ শৰ্মাৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনা কৰিছে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নৱ- নিৰ্বাচিত সভাপতি পাৰ্থসাৰথি গগৈয়ে । তদুপৰি এই ঘটনাত নাম সাঙোৰ খোৱা প্ৰতিজন ব্যক্তিক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে পাৰ্থ সাৰথি গগৈয়ে ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.