thumbnail

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 2:38 PM IST

ETV Bharat / Videos

Diwali 2023: যোৰহাটবাসী সাজু সেউজ দিপাৱলী উদযাপন কৰিবলৈ

যোৰহাট, 10 নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো দুটা দিন । ৰাজ্যবাসীয়ে পুৰ্ণোদ্যমে পালন কৰিবলৈ সাজু হৈছে দীপাৱলী । এইবাৰ ন্যায়ালয়কে ধৰি যোৰহাট জিলা প্ৰশাসনেও বায়ু প্ৰদূষণ ৰোধ কৰাৰ স্বাৰ্থত সেউজ দীপাৱলী পালন কৰিবলৈ আহ্বান জনাইছে সকলোকে আৰু উচ্চ প্ৰাৱল্যৰ আতজৱাজী ফুটোৱা আৰু বিক্ৰী সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিছে ৷

এই বৰ্ষত দীপাৱলীত মৃৎশিল্পীসকলে তৈয়াৰ কৰা মাটি চাকিৰ চাহিদা বৃদ্ধি পোৱা সম্ভাৱনা আছে ৷ যোৰহাটবাসী ৰাইজে সেউজ দীপাৱলী পালন কৰাৰ স্বাৰ্থত নগৰৰ মাজমজিয়াত থকা মাটি চাকিৰ বিপনীসমূহৰ পৰা মাটি চাকি ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে । কাষৰীয়া জিলা গোলাঘাটৰ কাকডোঙাৰ পৰা মৃৎ শিল্পীসকলে তৈয়াৰ কৰা মাটি চাকিসমূহ যোৰহাট নগৰৰ বজাৰৰ স্থানসমূহলৈ লৈ অনা হৈছে । যাৰ বাবে যোৰহাটবাসীয়ে সহজতে মাটি চাকি লাভ কৰিছে ৷

লগতে পঢ়ক : Diwali 2023:এইবাৰ দীপাৱলীত অনলাইনত নিকিনিব প্লাষ্টিকৰ চাকি...যাওক গাঁৱলৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.