Manipur Violence : মণিপুৰৰ ঘটনাৰ তদন্ত বিচাৰি তেজপুৰত প্ৰতিবাদ কংগ্ৰেছৰ - Manipur Violence
🎬 Watch Now: Feature Video
তেজপুৰ,২২ জুলাই: মণিপুৰৰ ঘটনাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ শনিবাৰে শোণিতপুৰ জিলাৰ মহিলা কংগ্ৰেছ কৰ্মীয়ে মণিপুৰৰ ঘটনাক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰী সকলে মণিপুৰৰ মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি মহিলা কংগ্ৰেছৰ সদস্যই মণিপুৰৰ মুখ্যমন্ত্ৰী, দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহ বিভাগক জগৰীয়া কৰে ৷ মণিপুৰৰ ঘটনাৰ মূল দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী তোলে প্ৰতিবাদকাৰী সকলে । আনহাতে প্ৰদেশ মহিলা কংগ্ৰেছৰ মুখপাত্ৰ ৰূপা কলিতাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় ‘‘মহিলাৰ নিৰ্যাতন বা ধৰ্ষণ কংগ্ৰেছ বনাম বিজেপি কিয় কৰিব বিচাৰিছে ! মুখ্যমন্ত্ৰীৰ এই মন্তব্য অতি দুৰ্ভাগ্যজনক ৷ দেৱীক পূজা কৰা ৰাষ্ট্ৰত মহিলাক কৰা এই অপমানে কি সূচাই !’
লগতে পঢ়ক:Manipur Crisis: মিজোৰামত আশ্ৰয় লোৱা মণিপুৰৰ মেটেইক মিজোৰাম ত্যাগ কৰাৰ আহ্বান