Flood in Majuli: বন্যাৰ্তক খাবলৈ পঁচা দালি চাউল !

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 2:24 PM IST

thumbnail

মাজুলী,৩১ আগষ্ট: ভদীয়া বানৰ কবলত বিধ্বস্ত মাজুলীৰ নৈ পৰীয়া অঞ্চল । ভদীয়া বানত মাজুলীৰ প্ৰায় ৫৯ খন গাঁও জলমগ্ন হোৱাৰ উপৰিও আৰু নষ্ট হয় বহু হাজাৰ হেক্টৰ কৃষি ভূমি । এনে পৰিপ্ৰেক্ষিতত বানপীড়িত লোকৰ মাজত মাজুলী জিলা প্ৰশাসনে প্ৰদান কৰিছিল বান সাহায্য । বুধবাৰে মাজুলী জিলা প্ৰশাসনে বানপীড়িত ৰাইজৰ মাজত বিতৰণ কৰিছিল চাউল, দাইল, মিঠাতেল, নিমখ ইত্য়াদি ।

মাজুলী জিলা প্ৰশাসনে প্ৰদান কৰা বান সাহায্যত মচুৰ দাইল পঁচা ওলোৱাক লৈ ক্ষোভিত হৈ পৰে বানপীড়িত সাধাৰণ ৰাইজ । বানপীড়িত লোকক পঁচা দাইল দিয়াক লৈ মাজুলীৰ বেচামৰা গৰৈমাৰীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । উল্লেখ্য যে মাজুলীৰ বান পৰিস্থিতিৰ বৰ্তমানেও ইমান উন্নত হোৱা নাই । নৈ দাঁতি কাষৰীয়া দ' অঞ্চলসমূহ বৰ্তমানেও জালমগ্ন হৈ আছে । ইয়াৰ মাজতে বন্যাৰ্তই পঁচা দাইল গ্ৰহণ নকৰি ক্ষোভ উজাৰিলে চৰকাৰ বিৰুদ্ধে ।  

লগতে পঢ়ক: Raksha Bandhan 2023 : ভগ্নীসকলৰ হাতেৰে ৰাখী পিন্ধিলে মুখ্যমন্ত্ৰী শৰ্মাই; উপহাৰ হিচাপে কি দিলে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.