Durga Puja in Moran: মৰাণত দুৰ্গা পূজা উদযাপন সমিতিক চেক বিতৰণ - Minister Jogen Mohan
🎬 Watch Now: Feature Video
Published : Oct 20, 2023, 10:10 PM IST
মৰাণ, ২০ অক্টোবৰ: ৰাজ্য চৰকাৰে ৩ বছৰ পুৰণি দুৰ্গা পূজা মণ্ডপ তথা উদযাপন সমিতিসমূহক ১০ হাজাৰকৈ টকা আগবঢ়াব বুলি ঘোষণা কৰিছিল । আজি চৰাইদেউ জিলা মৰাণৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ২০ খন পূজা মণ্ডপক মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইণ্ডিকা গগৈৰ উপস্থিতিত ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰে মন্ত্ৰী যোগেন মহনে ।
মন্ত্ৰী যোগেন মহনে কয় যে ৰাজ্য চৰকাৰে ৩ বছৰ পুৰণি দুৰ্গা পূজা মণ্ডপ তথা উদযাপন সমিতিসমূহক ১০ হাজাৰকৈ টকা প্ৰদান কৰাত পূজা উদযাপনৰ ক্ষেত্ৰত সকাহ লাভ কৰিব । আনহাতে, মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত পদ্মশ্ৰী বঁটা প্ৰাপক হেমপ্ৰভা চুতীয়াই মৰাণৰ শ্ৰী শ্ৰী সাৰ্বজনীন শিৱ মন্দিৰ দুৰ্গা পূজাৰ মণ্ডপৰ দুৱাৰ মুকলি কৰে ।
লগতে পঢ়ক:Durga Puja 2023: দুৰ্গা পূজাৰ অন্যতম আকৰ্ষণ, দেৱীৰ শিৰত জিলিকিছে হীৰাৰ মুকুট