ওদালগুৰিত আছাত বিভেদ, মূল কমিটিয়ে নজনাকৈ অধিৱেশনৰ আয়োজন

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 8:07 PM IST

thumbnail

ওদালগুৰি,১৫ ডিচেম্বৰ: সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা) ৰ ভেৰগাঁও আঞ্চলিক সমিতিয়ে আজি ভেৰগাঁৱত এখনি সংবাদমেল অনুষ্ঠিত কৰি আছাৰ আন এটা গোটে ১৬ ডিচেম্বৰত আহ্বান কৰা অধিবেশন স্থগিত ৰখাৰ আহ্বান জনায় ৷ আঞ্চলিক সমিতিৰ সভাপতি ভূৱন তাঁতী আৰু সম্পাদক সঞ্জয় ভূমিজে সংবাদমেল সম্বোধন কৰি ভেৰগাঁৱত আছাৰ প্রান্ত গোৰালা আৰু বিজয় মুৰাৰীৰ নেতৃত্বত ৰাইজক বিভ্ৰান্ত কৰি ১৬ ডিচেম্বৰত যি অধিৱেশনৰ আয়োজন কৰিছে অতি শীঘ্ৰে সেয়া বন্ধ কৰি ৰাইজৰ সৈতে মিলি থকাৰ আহ্বান জনায় ৷  

লগতে ভেৰগাঁৱৰ আদিবাসীসকলৰ স্বাৰ্থত ৰাইজক সজাগ হৈ থকাৰ আহ্বান জনাই সম্পাদক সঞ্জয় ভূমিজে । বিগত বহু বছৰ ধৰি আছাই ৰাইজৰ বাবে কাম কৰি আছে । কিন্তু প্রান্ত গোৰালা আৰু বিজয় মুৰাৰীৰ নেতৃত্বত ৰাইজক বিভ্ৰান্ত কৰা এই কাৰ্য কেতিয়াও মানি লোৱা নহ'ব বুলি সংবাদমেলত উল্লেখ কৰে ।  

লগতে পঢ়ক: ডুমডুমাত আটছাৰ 76 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.