Assam Gunotsav: গুণোৎসৱত বেয়া ফল দেখুওৱা বিদ্যালয়ৰ বিৰুদ্ধে লোৱা হ’ব অনুশাসনমূলক ব্যৱস্থা; শিক্ষামন্ত্ৰী - Minister Ranoj Pegu
🎬 Watch Now: Feature Video
ধেমাজি, 30 জুন: গুণোৎসৱত বেয়া ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়সমূহ পৰ্যালোচনা কৰাৰ বাবে জিলা আয়ুক্তক কঠোৰ নিৰ্দেশ দিয়া হৈছে ৷ তিনিচুকীয়াত অনুষ্ঠিত হোৱা আয়ুক্ত সন্মিলনত গুণোৎসৱক গুৰুত্বসহকাৰে ল’বলৈ শিক্ষা বিভাগক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে ৷ শুকুৰবাৰে ধেমাজিত এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ৷
জিলা আয়ুক্তসকলে বিদ্যালয়ে বিদ্যালয়ে গৈ আলোচনাত মিলিত হ’লে আসোঁৱাহসমূহ দূৰ হ’ব বুলি আশা প্ৰকাশ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ ইফালে বিদ্যালয়সমূহৰ গৰম বন্ধৰ সময়ছোৱাত পাঠদান কৰা সম্পৰ্কত চৰকাৰে বিশেষ নিৰ্দেশনা নিদিয়ে বুলিও কয় শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ এই বিষয়ে বিদ্যাসমূহৰ পৰিচালনা সমিতিয়ে চিন্তা কৰিব বুলিও তেওঁ সদৰী কৰে ৷
ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ গুণগত মান উন্নত কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । কিন্তু চৰকাৰী এই পদক্ষেপে প্ৰকৃততে চৰকাৰী শিক্ষাখণ্ডৰ মান উন্নত কৰিবলৈ সক্ষম হৈছে নে বুলি স্বাভাৱিকতেই এক প্ৰশ্নৰ উত্থাপন হয় । শেহতীয়াকৈ ঘোষিত গুণোৎসৱ 2023 ৰ ফলাফলত সামগ্রিকভাৱে চৰকাৰী শিক্ষাৰ উত্তৰণ ঘটাত ‘এ’ প্লাছ গ্ৰেড লাভ কৰা বিদ্যালয়ৰ সংখ্যা বৃদ্ধি হৈছে ।
কিন্তু ইয়াৰ সমান্তৰালকৈ খিলঞ্জীয়া লোকৰ প্ৰাধান্য থকা জিলাৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ মান অৱনমিত হোৱাৰ এখন উদ্বেগজনক ছবিও পোহৰলৈ আহিছে । ইয়াৰ বিপৰীতে প্ৰব্ৰজিত মূলৰ ধৰ্মীয় সংখ্যালঘুলোক বসতি প্রধান জিলাত একেই ব্যৱস্থাৰে চৰকাৰী শিক্ষা প্রদান কৰা হয় যদিও সেই জিলাসমূহৰ বিদ্যালয়ে আশানুৰূপ ফল প্ৰদৰ্শন কৰাৰ কথা গুণোৎসৱৰ ফলাফলত প্রকাশ পাইছে ৷
লগতে পঢ়ক: Assam Govt School: শোচনীয় প্ৰদৰ্শনৰ বাবে ৰাজ্যৰ ১৩৯ খন কলেজলৈ কাৰণ দৰ্শোৱাৰ জাননী