69th National Film Awards 2023: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপক অনুৰ' পৰিচালক মঞ্জুল বৰুৱাৰ প্ৰতিক্ৰিয়া - ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2023
🎬 Watch Now: Feature Video
Published : Aug 24, 2023, 10:53 PM IST
ডিব্ৰুগড়, ২৪ আগষ্ট: আজি ঘোষণা হ'ল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । সমগ্ৰ ভাৰতবৰ্ষৰ ছবি ক্ষেত্ৰখন সামৰি প্ৰতিবছৰে প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীকে ধৰি অন্যান্য কলা-কুশলীক সামৰি প্ৰতিটো শিতানতে প্ৰদান কৰা হয় বঁটা ।
প্ৰতিবছৰৰ দৰে এইবাৰো অসমৰ কেইবাজনো অভিনেতা কলা-কুশলীয়ে লাভ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । এইবাৰ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ' অনুৰ' ছবিয়ে । অনুৰ' ছবিয়ে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা পাচতেই পৰিচালক মঞ্জুল বৰুৱাই চৰাইদেউৰ সোণাৰি গৃহত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ।
এই বঁটা লাভ কৰি অতি আনন্দিত হোৱা বুলি কয় পৰিচালকগৰাকীয়ে । সপোন আছিল ছবি নিৰ্মাণ কৰি ৰাষ্ট্ৰীয় বঁটা এটা লাভ কৰা ৷ আজি সেই সপোন পূৰণ হ'ল । চিনেমাখনত জড়িত থকা সকলোৱে কষ্ট কৰিছিল বাবেই আজি এই ফল লাভ কৰিছোঁ বুলি কয় পৰিচালক মঞ্জুল বৰুৱাই ।